...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগত ড০ কমলাকান্ত বৰগোহাঁই সোঁৱৰণীত আধুনিক সভাকক্ষ উদ্বোধন উপাচাৰ্য্যৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগত ড০ কমলাকান্ত বৰগোহাঁই সোঁৱৰণীত আধুনিক সভাকক্ষ উদ্বোধন উপাচাৰ্য্যৰ

 

চাইন অন ডেস্ক,২৬মে’:

বিশিষ্ট গল্পকাৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ প্ৰাক্তন বিভাগীয় প্ৰধান তথা সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক, গল্পকাৰ ড০ কমলাকান্ত বৰগোহাঁইৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যেৰে বৰগোহাঁইৰ কৰ্মস্থলী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, প্ৰাধ্যাপক ড° জিতেন হাজৰিকাই কালি ড°কমলাকান্ত বৰগোহাঁই মেমৰিয়েল কনফাৰেন্স হল আনুষ্ঠানিক ভাবে উদ্বাধন কৰে।উদ্বােধনী সভাত শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অসমী চলিহাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত বিশ্ববদ্যালয়খনৰ পঞ্জীয়কৰ ড° পৰমানন্দ সোনোৱাল, বিভিন্ন বিভাগৰ শিক্ষকসকলৰ লগতে বৰগোহাঁইৰ পৰিবাৰ মামনি গগৈ বৰগোঁহাই আৰু পৰিয়ালবৰ্গ উপস্থিত থাকে।উল্লেখযোগ্য যে ড° কমলাকান্ত বৰগোহাঁইৰ পৰিয়ালবৰ্গ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাজত দুখন বুজাবুজিৰ চুক্তি সম্পন্ন হৈছে আৰু বৰগোহাঁইৰ পৰিয়ালৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ক সৰ্বমুঠ ২৫ লাখ (প্ৰথম চুক্তি অনুসৰি ২০ লাখ আৰু দ্বিতীয় চুক্তি অনুসৰি ৫ লাখ ) টকা প্ৰদান কৰা হৈছে।এই দুখন বুজাবুজি চুক্তি অনুসৰি ড০ কমলাকান্ত বৰগোহাঁই স্মাৰক বক্তৃতা প্ৰদান, দীক্ষান্ত সমাৰোহত শিক্ষাতত্ত্ব বিভাগৰ স্বৰ্ণপদক প্ৰাপকক “কমলাকান্ত বৰগোহাঁই মেমৰিয়েল স্ক’লাৰশ্বিপ”প্ৰদান আৰু শিক্ষাতত্ত্ব বিভাগত কমলাকান্ত বৰগোহাঁই মেমৰিয়েল কনফাৰেন্স হল প্ৰদান কৰা হয়। গল্পকাৰ, শিক্ষাবিদ ডঃ কমলাকান্ত বৰগোহাঁইৰ স্মৃতিত বিদ্যায়তনিক সমাজৰ কামত অহাকৈ হাতত লোৱা এই বিভিন্ন আদৰ্শনীয় পদক্ষেপৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু শিক্ষাতত্ত্ব বিভাগত উভয়েই ধন্যবাদৰ পাত্ৰ বুলি সমাজ সচেতন ৰাইজৰ মন্তব্য। অনুষ্ঠানত অধ্যাপক প্ৰবীন কুমাৰ গগৈয়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকি ড০ কমলাকান্ত বৰগোহাঁইৰ স্মৃতিক শ্ৰদ্ধাৰে সোঁৱৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *