...

ডিব্ৰুগড়ত কানৈ মহাবিদ্যালয় আৰু ৰটাৰী ক্লাবৰ উদ্যোগ

ডিব্ৰুগড়ত কানৈ মহাবিদ্যালয় আৰু ৰটাৰী ক্লাবৰ উদ্যোগ

ঋতুস্ৰাৱ হয় কিয় ? আমাৰ সমাজত আজিও ঘৃণা ?

চাইন অন ডেস্ক,২৪মে’:

ডিব্ৰুগড়ৰ হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ উদ্যোগত আৰু ৰটাৰী ক্লাব ডিব্ৰুগড়ৰ সহযোগত কালি এক সামাজিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কিশোৰ-কিশোৰীসকলৰ শাৰীৰিক আৰু অনাময় সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ পাব্লিক হাইস্কুলত অনুষ্ঠিত হয় তথা সজাগতা শিবিৰ। অনুষ্ঠানটিৰ আঁত ধৰে পাব্লিক হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষয়িত্ৰী ৰশ্মি ৰেখা গোস্বামীয়ে। এই বিশেষ সজাগতা শিবিৰটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে কানৈ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° পাৰ্থ গাংগুলীয়ে। সমবেত ছাত্ৰ-ছাত্ৰী তথা উপস্থিত ৰাইজক আদৰণি জনায় কানৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপিকা ড° ৰুবাব ফাতেমা নোমানীয়ে। ভাষণত ফাতেমা নোমানীয়ে সজাগতা শিবিৰৰ মূল উদ্দেশ্য আৰু বৰ্তমান সময়ত কিশোৰ-কিশোৰীসকলৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা বাখ্যা কৰে।উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰিয়ম্বদা শ্ৰীবাস্তৱ, ৰটাৰী ক্লাব ডিব্ৰুগড়ৰ সভাপতি ববিতা ৰজক, সম্পাদিকা ইপ্সিতা বৰগোহাঁই আৰু সদস্যদ্বয় ভাৰতী দেৱী আৰু গুৰজিৎ কৌৰ। কানৈ মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা ময়ূৰী দত্ত, চুমকী সন্দিকৈ, অংশকালীন শিক্ষক জ্যোতিৰ্ময় সন্দিকৈ আৰু অংকিতা ভট্টাচাৰ্যৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু পাব্লিক হাইস্কুলৰ শিক্ষক- শিক্ষয়িত্ৰী সকল উপস্থিত থাকে। এই শিবিৰত বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
মূল আলোচনা পৰ্ব দুটাৰ আঁত ধৰে সহকাৰী অধ্যাপিকা ময়ূৰী দত্ত আৰু চুমকী সন্দিকৈয়ে।
প্ৰথমটো সত্ৰত সমল ব্যক্তি হিচাপে ‘হাকিমছ জে কে ই.এন.টি এণ্ড ভাৰ্টিগো ৰিচাৰ্ছ চেন্টাৰ’ৰ বিশিষ্ট ই.এন.টি বিশেষজ্ঞ ডাঃ ফৌজিয়া চিৰিণ হাকিমে ‘কিশোৰ কিশোৰী সকলৰ স্বাস্থ্য আৰু অনাময়’ শীৰ্ষক বিষয়ত তথ্যসমৃদ্ধ ভাষণ আগবঢ়ায়।দ্বিতীয়টো সত্ৰত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডাঃ ৰীণা আহমেদে ছাত্ৰীসকলক উদ্দেশ্যি “কিশোৰী সকলৰ ঋতুস্ৰাৱ কালীন অনাময়” শীৰ্ষক বিশেষ আলোচনাত অংশগ্ৰহণ কৰে।
ভাষণতে সীমাবদ্ধ নাথাকি এই শিবিৰত কেইবাটাও প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হয় । অনুষ্ঠানত ডাঃ ফৌজিয়া চিৰিণ হাকিমৰ তৰফৰ পৰা আইৰণ টেবলেট প্ৰদান কৰা হয়। ৰটাৰী ক্লাব ডিব্ৰুগড়ৰ তৰফৰ পৰা বিদ্যালয়খনলৈ এটা ফাৰ্ষ্ট এইড বক্স, আৰু কিছু সামগ্ৰীৰ যোগান ধৰা হয়। ৰটাৰী ক্লাবে উপস্থিত সকলো শিশুক ওৰছ পেকেট আৰু লঘু আহাৰ বিতৰণ কৰে।
কানৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ পৰা পাব্লিক হাইস্কুলৰ পুথিভঁৰালৰ বাবে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ হাতত সাধাৰণ জ্ঞানৰ দুখন মূল্যবান কিতাপ উপহাৰস্বৰূপে তুলি দিয়া হয়।শিক্ষণ প্ৰক্ৰিয়াটোক অধিক আমোদজনক কৰিবলৈ কানৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত হাইস্কুলৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত এখন নাটিকা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়, য’ত ছাত্ৰ-ছাত্ৰীসকলে অংশ লয়।
সামাজিক দায়বদ্ধতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰি কানৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগ আৰু ৰটাৰী ক্লাব, ডিব্ৰুগড়ে লোৱা এই সজাগতামূলক প্ৰয়াসক সমগ্ৰ ডিব্ৰুগড়বাসীয়ে ভূয়সী প্ৰশংসা কৰে। এনে পদক্ষেপে নতুন প্ৰজন্মক স্বাস্থ্যসন্মত আৰু সচেতন জীৱনশৈলীৰ দিশে অগ্ৰসৰ কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *