...

‘নাগাৰা নাম’ৰ সুৰত জি.টি.এ (GTA)

‘নাগাৰা নাম’ৰ সুৰত জি.টি.এ (GTA)

পথ সুৰক্ষাৰ বাবে গুৱাহাটী আৰক্ষীৰ অভিনৱ সজাগতা অভিযান ভাইৰেল

চাইন অন ডেস্ক:

গুৱাহাটীৰ ৰাজপথত বিপজ্জনকভাৱে বাইক চলাই জনসাধাৰণৰ জীৱন বিপদাপন্ন কৰা এজন যুৱকক কৰায়ত্ত কৰাৰ পিছত গুৱাহাটী আৰক্ষীয়ে ছচিয়েল মিডিয়াত এক আমোদজনক ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত বিশ্ববিখ্যাত গেম ‘গ্ৰেণ্ড থেফ্ট অটো’ (GTA) ৰ শৈলীৰ সৈতে অসমৰ লোক-সংস্কৃতিৰ অনন্য অংগ ‘নাগাৰা নাম’সংযোজন কৰা হৈছে।

*ঘটনাটো কি আছিল?*
নলবাৰীৰ ২৫ বছৰীয়া নিকুননী নাৰ্জাৰী নামৰ এজন যুৱকক গুৱাহাটী ট্রাফিক আৰক্ষীয়ে আটক কৰে। তেওঁ নিজৰ স্কুটীখন (AS01GS6880) চ চহৰৰ মাজমজিয়াত অত্যন্ত বিপজ্জনক আৰু ষ্টাণ্ট সদৃশ কৌশলেৰে চলাই আছিল। আৰক্ষীৰ মতে, তেওঁৰ বিৰুদ্ধে তীব্ৰ বেগত বাহন চলোৱা, বৈধ নথিপত্ৰ নথকা আৰু মটৰ বাহন আইন উলংঘা কৰাৰ দৰে কেইবাটাও অভিযোগত গোচৰ ৰুজু কৰা হৈছে।

*সজাগতাৰ নতুন শৈলী*
গুৱাহাটী আৰক্ষীৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখা হৈছে:
> “নলবাৰীৰ নিকুননী নাৰ্জাৰীয়ে ৰাজপথক ভিডিঅ’ গেমৰ ষ্টাণ্ট ট্ৰেক বুলি ভুল কৰাৰ বাবে গুৱাহাটী ট্ৰাফিক আৰক্ষীয়ে তেওঁৰ স্কুটীৰ ব্ৰেক মাৰিবলগীয়া হ’ল।”
এই অভিযানৰ আঁৰৰ মূল কাৰিকৰ তিতুৰাজ কাশ্যপ দাসে জনোৱা মতে, তেওঁলোকে ১৮ ৰ পৰা ৩৪ বছৰ বয়সৰ যুৱক-যুৱতীসকলক লক্ষ্য কৰি এই ভিডিঅ’টো নিৰ্মাণ কৰিছে। আমোদজনক আৰু সাংস্কৃতিক সমল ব্যৱহাৰ কৰিলে বাৰ্তাটোৱে মানুহৰ মনত গভীৰ সাঁচ বহুৱায়।

ভিডিঅ’টোত গ্রাফিক্স ডিজাইনৰ বাবে জ্যোতিৰ্ময় ভাৰ্গৱে আধুনিক গেমিং ভিজুৱেল আৰু অসমীয়া লোক-সংগীতৰ ব্যৱহাৰ কৰিছে।

আৰক্ষীৰ আহ্বান: জনসাধাৰণক ট্ৰাফিক নিয়ম মানি চলিবলৈ আৰু ৰাজপথত বিপজ্জনক আচৰণৰ পৰা বিৰত থাকিবলৈ আৰক্ষীয়ে অনুৰোধ জনাইছে।
ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই পদক্ষেপক আদৰণি জনাইছে। এজন ব্যৱহাৰকাৰীয়ে ধেমালি কৰি কয়, “অপৰাধীতকৈ গানটোৰ নিৰ্বাচনহে বেছি বিপজ্জনক!” আন এজনৰ মতে, গুৱাহাটী আৰক্ষীৰ ছচিয়েল মিডিয়া দলটোৱে বৰ্তমানৰ প্ৰজন্মৰ (GenZ) পছন্দবোৰ ভালদৰে বুজি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *