বৰপেটাৰ জিলাৰ বাঘবৰ আৰু মন্দিয়া আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত। যোৱা নিশা এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে মানিকপুৰ গাঁৱৰ নিবাসী ঠাণ্ডু মিয়াৰ বাসগৃহত ড্ৰাগছ বিৰোধী এক অভিযান চলায়। অভিযান কালত দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেপাৰ চলোৱা ঠাণ্ডু মিয়াৰ পুত্ৰ ৰহম আলীক প্ৰায় এশটা সন্দেহযুক্ত হেৰʼইন ভৰ্তি কণ্টেইনাৰসহ আটক কৰিবলৈ সক্ষম। অভিযান কালত আৰক্ষীয়ে ধৃত ৰহম আলীৰ পৰা প্ৰায় ১০০ টা ভৰ্তি কণ্টেইনাৰ,১৩৪ টা খালী কণ্টেইনাৰ,নগদ ৭৭০০ টকা আৰু এখন মোবাইল ফোন আৰক্ষীৰ দলটোৱে জব্দ কৰে। অৱশ্যে ঘটনাস্থলীত পৰৱৰ্তী সময়ত বাঘবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কমল বৰদলৈয়ো ঘটনাস্থলীত উপস্হিত হয় হৈ পিছলৈ যুটীয়াভাৱে অভিযান চলায়। অৱশ্যে বাঘবৰ আৰু মন্দিয়া আৰক্ষী চকীৰ দুয়ো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াদ্বয়ৰ নেতৃত্বত চলা এই বৃহৎ অভিযানক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। পৰৱৰ্তী সময়ছোৱাতো আৰক্ষীক এনেধৰণৰ অবৈধ ঘাটি সমূহ উৎখাত কৰাৰ সমান্তৰালকৈ সৰবৰাহৰকাৰীক আটক কৰিবলৈ আহ্বান জনাইছে সকলোৱে। ইফালে আটকাধীন ৰহম আলীক বাঘবৰ আৰক্ষীয়ে থানা লৈ নিশাই লৈ যোৱা হয় আৰু পৰৱৰ্তী সময়ত এখন গোচৰ পঞ্জীয়ন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব বুলি জানিব যায় ।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.