...

মুখা আৰু মহীৰ মৰ্যাদা

মুখা আৰু মহীৰ মৰ্যাদা

​গৌতম গগৈ, গুৱাহাটী।

 

​বুকুত মোৰ উকমুকায় অজস্ৰ গল্প,
কবিতাৰ কলৰৱ,
মহীৰ বিন্দুত প্ৰাণ পায় সত্য
আৰু নিষ্ঠাৰ বৈভৱ।
মই যে শব্দৰ খনিকৰ,
মহী মোৰ চিৰন্তন মিতিৰ।
​কলমৰ খোঁচত খহাইছোঁ
ভণ্ডামিৰ অন্যায়-শিবিৰ।
‘অসম সাহিত্য সভা সংবাদ’ৰ পাত
বা স্মাৰক গ্ৰন্থৰ বুকু,
মই সজাইছিলোঁ অনিমেষ,
য’ত আছিল চোকা এযোৰ চকু।
​তথাপি এই চাতুৰীৰ বজাৰত
মোৰ আজি স্থান নাই,
কিয়নো মোৰ জোলোঙাত
নিজৰ ঢোল কোবাবলৈ
নাম কিনা ফুটা কড়ি এটাও নাই!
​মই নোৱাৰোঁ কাৰোবাৰ পদূলিত
তেল সানি ভজন গাব,
নোৱাৰোঁ কোনোবা ক্ষমতাধীশৰ
ওচৰত “হয় হুজুৰ” বুলি শিৰ নত কৰিব।
সেইবাবেই কিজানি তথাকথিত
কবিৰ শাৰীত মোৰ নাম নুঠিল,
তোমালোকৰ সেই
সস্তা-চকমকীয়া মেলত মই
লেখক হ’ব নোৱাৰিলোঁ!
​আহা! যাৰ ঘৰত ধনৰ নূপুৰ বাজে,
তালৈ উধাতু খাই লৰে নিমন্ত্ৰণী বাৰ্তা,
কূটা এডাল নলৰোৱাকৈয়ে
তেওঁলোক আজিকালি সাহিত্যৰ সৰ্বেসৰ্বা!
যিজনে ক-খৰ মৰ্ম বুজি নাপায়,
নাজানে সৃষ্টিৰ অন্তৰ্দাহ,
তেৱেঁই পিঠি থপৰিয়াই কিনি লয়
চাটুকাৰৰ সস্তা বাহ্-বাহ্!
​হে সাহিত্যৰ মুখা পিন্ধা ধনৰ বণিকৰ দল!
কোনে দিলে তোমালোকক
এই পবিত্ৰ চোতাল কলুষিত কৰাৰ অধিকাৰ?
মঞ্চত বহি সুৰ সলোৱা তোমালোকৰ
প্ৰকৃত যোগ্যতা কিমান?
উত্তৰ দিয়া— সাঁচিপাতৰ গাম্ভীৰ্য বেছি নে তোমালোকৰ ফোঁপোলা ধনৰ অহংকাৰ?
​তোমালোকে পাতি থাকা সোণালী মণ্ডপ,
কিনি লোৱা কৃত্ৰিম ধূপৰ ধোঁৱাৰ সুবাস!
ধনেৰে কিনি লোৱা চকমক পদক
আৰু হাতচাপৰিৰে সজোৱা এই ভাওনা।
কিন্তু মনত ৰাখিবা,
মই বিক্ৰী নোহোৱা এক
স্বাভিমানী কলমৰ সত্তা।
তোমালোকৰ এই ভাড়াতীয়া
স্বীকৃতিৰ ওচৰত মই কেতিয়াও
নেহেৰুৱাওঁ শব্দৰ মৰ্যাদা!

Leave a Reply

Your email address will not be published. Required fields are marked *