নগাঁও জিলাৰ লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এখন চৰকাৰী বিদ্যালয় কৃত্ৰিম বানৰ কবলত পৰিছে।ছাইদৰীয়া সমল কেন্দ্রৰ অন্তৰ্গত বিদ্যালয়খনৰ নাম নিজাম উদ্দিন মোক্তাব স্কুল।সামান্য বৰষুণতেই কৃত্ৰিম বানৰ কবলত পৰে বিদ্যালয়খন ।ছাত্ৰ ছাত্ৰী সকলে শ্ৰেণী কোঠাত সোমাওতে সন্মুখীন হৈছে ব্যাপক সমস্যাৰ ।বিদ্যালয়খনৰ সন্মূখত এয়া পুখুৰী নে বিদ্যালয়ৰ খেলপথাৰ ধৰিব নোৱাৰি । সামান্য বৰষুণতেই এনেদৰে বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক সকলে বহু অসুবিধাৰ সন্মুখীন হৈছে।বিদ্যালয়খনত পানী জমা হৈ দুৰ্গন্ধ বিয়পি পৰাত শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ পৰে। বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰো বিভিন্ন বেমাৰে দেখা দিয়ে। কৃত্রিম বানৰ ফলত বিদ্যালয় খনৰ ছাত্ৰী সকল বিদ্যালয়লৈ অহা যোৱা কৰাত অতি বিপদজনক হৈ পৰে।বিদ্যালয়খন ১৯৬০ চনত স্থাপন হোৱাৰ পৰাই এনে দৰে এজাক বৰষুণতেই কৃত্ৰিম বানৰ সন্মুখীন হব লগা হয় বুলি জানিব দিয়ে বিদ্যালয় কতৃপক্ষই।বিদ্যালয়খনৰ ফালৰ পৰা কেইবাবাৰো উৰ্ধতম কর্তৃপক্ষৰ লগতে উন্নয়ন খণ্ডৰ বিষয়াক জনোৱাৰ পিছতো সমস্যা সমাধানত কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ।বিদ্যালয়খনৰ শিক্ষক সকলে কৃত্রিম বানৰ পৰা ৰক্ষা কৰি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক পৰিৱেশ ঘুৰাই আনিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনাইছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.