...

শেষত ডিব্ৰুগড় পৌৰ নিগমে হাৰ পালে!

শেষত ডিব্ৰুগড় পৌৰ নিগমে হাৰ পালে!

যুদ্ধকালিন তৎপৰতাৰে সুৰক্ষা নলাৰ চাফাই অভিযান

চাইন অন ডেস্ক,১৯মে’:

সমাগত বাৰিষা!যিকোনো মুহূৰ্ততে বাৰিষাই ভয়ানক ৰূপ লব পাৰে।সেয়ে পলমকৈ হলেও শেহতীয়াকৈ ডিব্ৰুগড় পৌৰ নিগম হাৰ পাই উঠিছে।জুন মাহৰ প্ৰথম সপ্তাহত বৰ্ষা ঋতুৰ আগমন ঘটাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় পৌৰ নিগমে মহানগৰৰ মাজেৰে যোৱা ডিব্ৰুগড় টাউন প্ৰটেকচন ড্ৰেইনত আজি ব্যাপক হাৰত গজি উঠা মেটেকা পৰিষ্কাৰ কৰাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰে।আগন্তুক বাৰিষাৰ পূৰ্বে নলাটোৰ জলধাৰণ ক্ষমতা পুনৰুদ্ধাৰ কৰিবলৈ আৰু এই ভয়ংকৰ জলজ উদ্ভিদসমূহ আঁতৰাবলৈ এক বিশেষ হাইড্ৰলিক খনন যন্ত্ৰ ব্যৱহাৰ কৰে।প্ৰায় ৭২ বছৰীয়া ড্ৰেইনটোৰ
এই চাফাই অভিযান, বিগত এপ্ৰিল মাহৰ পৰা আৰম্ভ হোৱা প্ৰাক-বৰ্ষা চাফাই অভিযানৰ এক অংশ বিশেষ বুলি পৰিগণিত হৈছে। ১৯৫৪ চনত নিৰ্মিত এই ডি.টি.পি. ড্ৰেইনটো ‘জিৰ’ পইণ্ট’ হিচাপে পৰিচিত সেউজপুৰৰ পৰা চেঁচা নদীলৈ ৩২ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। ইয়াৰে ৫.৬৫ কিলোমিটাৰ ডিব্ৰুগড় মহানগৰৰ ভিতৰত আৰু বাকী অংশ মহানগৰৰ উপকণ্ঠ অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে। বৰ্তমানৰ এই চাফাই অভিযানে নলাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৯.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশটোৰ ওপৰত বিশেষভাবে গুৰুত্ব আৰোপ কৰিছে, য’ত মেটেকাৰ এক ডাঠ আৱৰণে চানি ধৰি পানীৰ প্ৰবাহত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে।
মেটেকা হৈছে দ্ৰুতগতিত বিয়পি পৰা এবিধ জলজ উদ্ভিদ, যি পানীৰ উপৰিভাগত এক ঘন আস্তৰণ সৃষ্টি কৰি পানী নিষ্কাশন ব্যৱস্থাত বহু বাধাৰ স্বৃষ্টি কৰে।এই জলজ উদ্ভিদে সূৰ্যৰ পোহৰত বাধা দিয়াৰ লগতে অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰে আৰু পানীৰ সোঁত দ্ৰুতগতিত কমাই দিয়ে। ডি.টি.পি. ড্ৰেইনত মেটেকাৰ এই অনিয়ন্ত্ৰিত বৃদ্ধিয়ে প্ৰতিটো বাৰিষাত ডিব্ৰুগড়ৰ নিম্নভূমি অঞ্চলসমূহত সৃষ্টি হোৱা কৃত্ৰিম বানৰ অন্যতম কাৰণ হিচাপেও দেখা দিছে।
ডিব্ৰুগড় মহানগৰৰ বান ব্যৱস্থাপনাৰ মূল মেৰুদণ্ড হ’ল এই ডি.টি.পি. ড্ৰেইন।কিয়নো চহৰখনৰ আটাইকেইটা ২২ টা ৱাৰ্ডৰ পানী ইয়াৰ মাজেৰেই বৈ যায়। যেতিয়াই নলাটোত গেদ, প্লাষ্টিক আৱৰ্জনা বা মেটেকাৰ দ্বাৰা আৱদ্ধ হৈ পৰে, তেতিয়াই সামান্য বৰষুণতে চহৰৰ ৰাস্তা-ঘাট আৰু আৱাসিক অঞ্চলসমূহ জলমগ্ন হৈ পৰে। চহৰখনৰ পৰিসৰ বৃদ্ধি আৰু নগৰীকৰণৰ ফলত পানীৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে এই সমস্যাটোৱে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে।
ডি.এম.চি.ৰ এজন জ্যেষ্ঠ বিষয়াই কয়, “ডি.টি.পি. ড্ৰেইনটো কাৰ্যক্ষম কৰি ৰখাৰ ক্ষেত্ৰত মেটেকা আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। ই অতি সোনকালে পুনৰ গজি উঠে আৰু নিচেই কম সময়ৰ ভিতৰতে গোটেই নলাটো বন্ধ কৰি দিব পাৰে। আমি অগ্ৰাধিকাৰ ভিত্তিত ইয়াক আঁতৰাবলৈ খনন যন্ত্ৰ ব্যৱহাৰ কৰিছো যাতে পূৰ্ণ বাৰিষা আৰম্ভ হোৱাৰ আগতেই নলাটো সম্পূৰ্ণ পৰিষ্কাৰ হয়।”
ডিব্ৰুগড় মহানগৰৰ ক্ৰমৰ্বদ্ধমান সম্প্ৰসাৰণৰ বাবে এই চাফাই অভিযানটো অধিক জৰুৰী হৈ পৰিছে।ডিব্ৰুগড় মহানগৰক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে অভিহিত কৰা হৈছে, যাৰ বাবে বান ব্যৱস্থাপনা সহ পৌৰ আন্তঃগাঁথনিৰ উন্নয়ন পৌৰ নিগম আৰু ৰাজ্য চৰকাৰ উভয়ৰে বাবে এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।যিটো নেকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰে পৰা অধিক গুৰুত্ব প্ৰদান কৰি আহিছে।ডিব্ৰুগড় পৌৰ নিগমৰ
বিষয়াজনে আৰু কয়, “ডিব্ৰুগড়ক কৃতিম বানৰ পৰা ৰক্ষা কৰিবলৈ ডি.টি.পি. ড্ৰেইনটো অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰতি বছৰে মেটেকা আৰু জমা হোৱা জাৱৰ-জোঁথৰে ইয়াৰ ক্ষমতা হ্ৰাস কৰে। বৰষুণ আৰম্ভ হোৱাৰ আগতে আমি ইয়াক সৰ্বোত্তম অৱস্থালৈ আনিবলৈ সংকল্পবদ্ধ।”
নিগমৰ তৰফৰ পৰা পুনৰবাৰ বাসিন্দাসকলক মহানগৰৰ নলাবোৰত কোনো ধৰণৰ আৱৰ্জনা নেপেলাবলৈ আৰু চাফাই অভিযানত সহযোগিতা কৰিবলৈ আহ্বান জনোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *