...

ডিব্ৰুগড়ত সঙ্গীত শিল্পী উৎপল দেউৰীৰ স্মৃতিচাৰণ

ডিব্ৰুগড়ত সঙ্গীত শিল্পী উৎপল দেউৰীৰ স্মৃতিচাৰণ

শিল্পী জনাৰ প্ৰতি যথাযোগ্য মূল্যায়ণ কৰাৰ মতপোষণ

চাইন অন ডেস্ক,১৮মে’:

অগ্ৰণী সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়ানুষ্ঠান জেউতি মৰল সঙ্ঘ আৰু সুৰীয়া শিল্পী সমাজৰ উদ্যোগত যোৱা ১৭ মে’ তাৰিখে প্ৰখ্যাত সংগীত শিল্পী আকাশবাণী আৰু দূৰদৰ্শনৰ কৰ্মৰত তথা সুৰীয়া শিল্পী সমাজৰ প্ৰতিষ্ঠাপক উৎপল দেউৰীৰ স্মৃতিচাৰণ সভা এখন জেউতি মৰল সঙ্ঘৰ প্ৰেক্ষাগৃহত হৈ যায় । তেখেতৰ গুণমুগ্ধ বহুতো দৰ্শক উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখনত সভাপতিত্ব কৰে সঙ্গীতজ্ঞ,অসম চৰকাৰৰ শিল্পী বঁটা প্ৰাপক প্ৰশান্ত বৰদলৈয়ে । স্মৃতিচাৰণ সভাত সুৰকাৰ গায়ক শিল্পী বঁটা প্ৰাপ্ত ৰাজেন গোহাঁই, প্ৰশান্ত বৰদলৈ, লেখিকা আৰাধনা দত্ত, আকাশবাণীৰ অৱসৰপ্ৰাপ্ত বিষয়া উৎপল ভট্টাচাৰ্য, অনাতাঁৰ গায়িকা স্মৃতিৰেখা বৰদলৈ, মামণি বৰকটকী, হাছান ইকবাল আহমেদ,আৰিফা বেগম, কৌশিক শৰ্মা, দিগন্ত দাস, অসীম দুৱৰা, মনোজ কুমাৰ বৰুৱা, স্বৰ্ণলতা দেউৰী আদিয়ে এজন সচা অৰ্থৰ শিল্পীৰ থাকিবলগীয়া আটাইবোৰ গুণেৰে সমৃদ্ধ উৎপল দেউৰীৰ সহজ সৰল ব্যক্তিত্বৰ কথা সকলোৱে বৰ সাৱলীলভাৱে ব্যক্ত কৰে । সদ্য প্ৰয়াত সঙ্গীত শিল্পী উৎপল দেউৰীৰ স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি সকলোৱে এক মিনিট মৌনতা অৱলম্বন কৰে । সাংস্কৃতিক কৰ্মী, জেউতি মৰল সঙ্ঘ আৰু সুৰীয়া সমাজৰ সভাপতি মনোজ কুমাৰ বৰুৱাই আত ধৰা , যথেষ্ট সংখ্যক গুণমুগ্ধ দৰ্শক উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখনত সকলোৱে উৎপল দেউৰীয়ে যথেষ্ট কষ্ট স্বীকাৰ কৰি গঢ়ি
তোলা সুৰীয়া শিল্পী সমাজক জীৱিত কৰি ৰাখিলেহে শিল্পী জনাৰ প্ৰতি যথাযোগ্য মূল্যায়ণ কৰা হ’ব বুলি সকলোৱে একেমুখে মতপোষণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *