মদাৰখাত মৌজাৰ হাটখোলা গাঁওৰ শ্ৰীশ্ৰী মায়ামৰা বৈষ্ণব নামঘৰৰ সোণালী জয়ন্তী আৰম্ভ
স্মৃতিগ্ৰন্থ ভক্তি জ্যোতি উন্মোচন
চাইন অন ডেস্ক,১৪মে’:
ডিব্ৰুগড় জিলা মদাৰখাত মৌজাৰ ঐতিহাসিক শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ সমীপৰ হাটখোলা গাওঁৰ শ্ৰীশ্ৰী মায়ামৰা বৈষ্ণব নামঘৰৰ সোণালী জয়ন্তী উৎসৱ কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে।কালি নামঘৰৰ নৱনিৰ্মিত প্ৰৱেশদ্বাৰ উদ্বোধন কৰে শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৈষ্ণৱানন্দ গোস্বামীয়ে। গাওঁৰ জ্যেষ্ঠ গাঁওবুঢ়া বেণুধৰ দত্তই ধৰ্মধ্বজা উত্তোলন কৰে।উদযাপন সমিতিৰ সভাপতি সম্পাদকে স্মৃতি ৰোমন্থন কৰা অনুষ্ঠানটোত
শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ ডেকা অধিকাৰ দিব্যজ্যোতি গোস্বামীৰ লগতে বিভিন্ন অঞ্চলৰ ধৰ্মীয় গাঁওবুঢ়া ,আই সকল উপস্থিত থাকে। দিনৰ ভাগত সমালোচনা সভা অনুষ্ঠিত হয়।
শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতিৰ অসমৰ সভাপতি লনাথ চৌখামে সঞ্চালনা কৰা এই ধৰ্মালোচনাত অৱসৰপ্ৰাপ্ত ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক,সাহিত্যিক ৰাজু বুঢ়াগোহাঞি ,তোলন চন্দ্ৰ মহন,ভদ্ৰকন্ত গগৈযে অংশগ্ৰহণ কৰা লগতে বিভিন্ন জনে উত্থাপন কৰা প্ৰশ্ন সমূহৰ উত্তৰ প্ৰদান কৰে।ইয়াৰ পাছতে জ্যোতিষ দত্ত আৰু সঞ্জয় দত্তৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ ভক্তি জ্যোতি উন্মোচন কৰে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ,বিশিষ্ট সাহিত্যিক ভূষণ জ্যোতি সন্দিকৈয়ে।এই অনুষ্ঠানত শ্ৰীশ্ৰী অনিৰুদ্ধ সেৱা সমিতি অসমৰ সম্পাদক হলিৰাম ফুকন,শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমী শৈক্ষিক মুৰব্বী যাদৱ গগৈ,সাংবাদিক দিবাকৰ দত্ত,উদযাপন সমিতিৰ সভাপতি থানেশ্বৰ দত্ত,সম্পাদক নৃপেন দত্ত,উপদেষ্টা বিদ্যা দত্ত, হৰি কুমাৰ দত্ত কে প্ৰমুখ্য কৰি ভকত বৈষ্ণৱ,আইমাতৃ,যুৱক যুৱতী সকলক উপস্থিত থাকে। গাওঁৰ আই মাতৃ সকলে আইনাম পৰিবেশন কৰা অনুষ্ঠানটোত সন্ধিয়া সমজুৱা ভাবে বন্তি প্ৰজ্বলন কৰা হয়।
Like this:
Like Loading...