ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয়ত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা
সমৰ্পিত মনোভাৱেৰে সমাজক আগুৱাই নিবলৈ শিক্ষাৰ্থীৰ প্ৰতি আহ্বান
ঢকুৱাখনা,১২ মে’:
উত্তৰ অসমৰ অন্যতম পুৰণি উচ্চ শিক্ষানুষ্ঠান ঘিলামৰাস্থিত নৰ্থ বেংক মহাবিদ্যালয়ত ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম, ষ্টাৰ আৰু ডিষ্টিংচন লাভ কৰা কৃতি ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । মঙলবাৰে মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত ডিজিটেল ক্লাচৰুমত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ গীতাঞ্জলি বৰুৱাই।আদৰণি ভাষণত অধ্যক্ষা
ড০ বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলৰ কৃতিত্বৰ শলাগ লৈ কয় যে -অধ্যৱসায়, শৃংখলা আৰু একাগ্ৰতাই সফলতাৰ মূল চাবিকাঠি।তেওঁ পুনৰ কয় যে, ছাত্র-ছাত্ৰীসকলে সুখ্যাতিৰে পৰীক্ষাসমূহত উত্তীৰ্ণ হৈ কেৱল চাকৰিমুখী মানসিকতা পৰিহাৰ 
সুখ্যাতিৰে ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময়ো কৰা হয়, য’ত তেওঁলোকে নিজৰ অধ্যয়নৰ অভিজ্ঞতা, সফলতাৰ আঁৰৰ পৰিশ্ৰম আৰু আগন্তুক লক্ষ্যসমূহৰ বিষয়ে মত প্ৰকাশ কৰে।সহযোগী অধ্যাপক মোহিত কুমাৰ সোনোৱাল আৰু সহকাৰী অধ্যাপিকা গায়ত্ৰী দলে আঁতধৰা
অনুষ্ঠানত জেষ্ঠ অধ্যাপক ভৱেশ চহৰীয়া আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ভৱেশ মৰাঙে শিক্ষাৰ্থীসকলক উদ্দেশ্যি প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। সমাজ আৰু দেশৰ উন্নয়নত অৰিহণা যোগাব পৰাকৈ নিজকে দক্ষ, সচেতন আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাটো শিক্ষাৰ্থীসকলৰ অন্যতম লক্ষ্য হোৱা উচিত বুলি মন্তব্য কৰি নিজৰ দেশৰ লগতে জাতিৰ প্ৰতি এক সমৰ্পিত মনোভাৱেৰে সেৱা আগবঢ়াই সমাজখনক আগুৱাই নিবলৈ শিক্ষাৰ্থী সকলক আহ্বান জনাই।অনুস্থানত
মহাবিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক কল্পনা কলিতাকে প্ৰমূখ্য কৰি সকলো শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।