আকাশবাণীৰ কৰ্মচাৰী গীটাৰবাদক উৎপল দেউৰীৰ মৃত্যু :অনুষ্ঠান প্ৰতিষ্ঠানৰ শোক
চাইন অন ডেস্ক,১১ মে’:
ডিব্ৰুগড়ৰ চিৰিচাপৰি, সদাশিৱ পথ নিবাসী, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ নিয়মীয়া কৰ্মচাৰী, বিশিষ্ট সংগীত শিল্পী গীটাৰবাদক উৎপল দেউৰীৰ কালি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৯
বছৰ। ১৯৬৭ চনৰ ত্ৰিশ অক্টোবৰত জন্ম গ্ৰহণ কৰা দেউৰী যোৱা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছিল। প্ৰায় এবছৰ পুৰ্বে তেওঁ দূৰদৰ্শন ইটানগৰৰ পৰা আকাশবাণী যোৰহাট কেন্দ্ৰলৈ উচ্চ বৰ্গ সহায়ক হিচাপে বদলি হৈ আহে। পূৰ্বে তেওঁ আকাশবাণী ডিব্ৰুগড় আৰু দূৰদৰ্শন ডিব্ৰুগড়তো সেৱা আগবঢ়াইছিল। এগৰাকী অমায়িক ব্যক্তি ৰূপে পৰিচিত দেউৰী ডিব্ৰুগড় শিল্পী সমাজৰ এগৰাকী সক্রিয় সদস্য আছিল।উৎপল দেউৰী কেইবাটাও সাংস্কৃতিক-সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল। সৰবৰহী গীটাৰ বাদক গৰাকীৰ মৃত্যুত ডিব্ৰুগড় শিল্পী সমাজ, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ, আকাশ বাণী যোৰহাট কেন্দ্ৰ,জেউতি মৰল সংঘ, জন সাংস্কৃতিক সমাজ, ডিব্ৰুগড়কে ধৰি বিভিন্ন অনুষ্ঠান- প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত ইহসংসাৰত তেওঁ মাতৃ-পত্নীৰ লগতে এক পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ গৈছে।
Like this:
Like Loading...