কানৈ মহাবিদ্যালয় জিলা কম্পিউটাৰ কেন্দ্ৰৰ মাজত বুজাবুজি চুক্তি (MoU) স্বাক্ষৰিত হয়। এই চুক্তিৰ মূল উদ্দেশ্য হৈছে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলক ব্যবহাৰিক প্রশিক্ষণ আৰু ইন্টার্নশ্বিপৰ সুবিধা প্রদান কৰা। বিশেষকৈ Four Year Undergraduate Programme (FYUGP)-ৰ অন্তর্গত পঞ্চম ষান্মাসিকৰ শিক্ষার্থীসকলৰ ইন্টার্নশিপৰ ক্ষেত্রত এই চুক্তি বিশেষভাবে সহায়ক হ’ব বুলি আশা প্রকাশ কৰা হৈছে। এই চুক্তিৰ জৰিয়তে দুয়োটা প্রতিষ্ঠানৰ মাজত শৈক্ষিক সহযোগিতা অধিক সুদৃঢ় হোৱাৰ লগতে শিক্ষার্থীসকলে কম্পিউটাৰ প্রয়োগ, ডিজিটেল শিক্ষণ আৰু কাৰিকৰী দক্ষতাৰ ক্ষেত্ৰত ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰাৰ সুযোগ পাব। ইয়াৰ ফলত শিক্ষার্থীসকলে পঢ়া-শুনাৰ উপৰিও পেছাগত পৰিৱেশৰ সৈতে পৰিচিত হোৱাৰ সুবিধা লাভ কৰিব। উভয় প্রতিষ্ঠানৰ কর্তৃপক্ষই আশা প্রকাশ কৰে যে এই সহযোগিতাই তাত্ত্বিক জ্ঞান আৰু ব্যৱহাৰিক শিক্ষাৰ মাজৰ ব্যবধান দূৰ কৰাত সহায় কৰিব আৰু শিক্ষার্থীসকলৰ দক্ষতা, কর্মমুখী জ্ঞান তথা পেছাগত সক্ষমতা বৃদ্ধি কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। এই বুজাবুজি চুক্তিক মহাবিদ্যালয়খনত দক্ষতাভিত্তিক আৰু কর্মমুখী শিক্ষাৰ বিকাশৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.