...

কানৈ মহাবিদ্যালয়ত চাইবাৰ সুৰক্ষা শীর্ষক আন্তঃৰাষ্ট্ৰীয় বক্তৃতা অনুষ্ঠান

কানৈ মহাবিদ্যালয়ত চাইবাৰ সুৰক্ষা শীর্ষক আন্তঃৰাষ্ট্ৰীয় বক্তৃতা অনুষ্ঠান

চাইন অন ডেস্ক,১১মে’:

ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ উদ্যোগত আৰু অভ্যন্তৰীণ মান নির্ণায়ক কোষৰ সহযোগত ডিব্ৰুগড় বিমানঘাটীৰ উদ্যোগীক নিৰাপত্তা বিভাগৰ প্রায় ২৫জন বিষয়া কৰ্মচাৰীৰ উপস্থিতিত আজি “Cyber Security” বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰে। কম্পিউটাৰ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হৰজিন্দৰ সিঙে আঁত ধৰা অনুষ্ঠানটি আনুষ্ঠানিকভাবে উদ্বোধন কৰি উদ্বোধনী ভাষণ প্রদান কৰে ডিব্ৰুগড়ৰ এছ এছ পি অভিজিৎ গৌৰৱে। আজিৰ এই আন্তঃৰাস্ত্রীয় বক্তৃতানুষ্ঠান বিষয়বস্তু অতি প্রাসংগিক আৰু সময়োপযোগী হৈছে বুলি মত প্রকাশ কৰে। তেখেতে মত প্রকাশ কৰে যে বর্তমান সময়ত আমি সকলোৱে চাইবাৰ সুৰক্ষা বিষয়ে অৱগত হোৱাৰ লগতে দৈনন্দিন জীবনত ব্যৱহাৰ হোৱা ম’বাইল ফোন, ইন্টাৰনেট, বেংক সেৱা আজি সকলোবিলাক দিশৰ লগতে অতিকৈ গুৰুত্বপূর্ণ বিষয়টোৱেই হৈছে চাইবাৰ সুৰক্ষা। আমি যিমানে নিজকে শিক্ষিত অথবা অভিজ্ঞতা সম্পন্ন বুলি বিবেচনা কৰোঁ কিন্তু প্রকৃতার্থত বর্তমান সময়ত ইয়াৰ সম্পূর্ণ ওলোটা এখন প্রতিচ্ছবি দেখিবলৈ পোৱা যায়। কাৰণ যিকোনো মুহূর্তত যিকোনো ব্যক্তি ব্যক্তিগত তথ্য তথ্য-প্রযুক্তিৰ সহায়ত হেকাৰসকলে হেক কবি জমাপূঁজি উধাও কৰাৰ লগতে মানৱ জীৱনক নিৰাপত্তাহীনতাৰ দিশে ঠেলি পঠাব পাৰে। ভাষণ প্রসংগত তেখেতে লাভ কৰা বিভিন্ন অভিজ্ঞতা সকলোৰে আগত ব্যক্ত কৰি সকলোকে চাইবাৰ সুৰক্ষাৰ প্রতি সজাগ হ’বলৈ আহবান জনায়। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই আদৰণি ভাষণ প্রদান কৰি বর্তমান সময়ত বৃদ্ধি পোৱা চাইবাৰ আক্রমণ, অনলাইন জালিয়াতি, তথ্য চুৰি আৰু ডিজিটেল মাধ্যমৰ অপব্যৱহাৰৰ বিষয়ে উদ্বেগ প্রকাশ কৰে। তেওঁ ছাত্র-ছাত্রী আৰু শিক্ষক সমাজৰ মাজত চাইবাৰ সাক্ষবতা, দায়িত্বশীল অনলাইন আচৰণ আৰু ডিজিটেল সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে সমাজৰ প্রতিজন ব্যক্তিয়ে চাইবাৰ সুৰক্ষা আৰু অনলাইন জালিয়াতিৰ পৰা নিজকে বচাই ৰাখিব পৰাকৈ সজাগ আৰু সক্ষম হোৱাটো অতি প্রয়োজনীয়। এনে প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি আজি কম্পিউটাৰ বিজ্ঞান বিভাগে আয়োজন কৰা এই আন্তঃৰাষ্ট্রীয় বক্তৃতা অনুষ্ঠানটো সময় উপযোগী হোৱাৰ লগতে সকলোকে সজাগ কৰি তোলাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি মত প্রকাশ কৰে। অনুষ্ঠানৰ মুখ্য বক্তা হিচাপে উপস্থিত থাকে মালয় এছিয়াৰ কুবালালামপুৰ ইউনিভার্চিটি অব চাইন্স এন্ড টেকন ‘লজিৰ অধ্যাপক, প্রফেছৰ ৰমেশ চন্দ্র শর্মা। তেওঁ চাইবাৰ সুৰক্ষা আৰু ডিজিটেল নিৰাপত্তাৰ বিভিন্ন দিশ সম্পর্কে এক তথ্যসমৃদ্ধ আৰু মনোগ্রাহী বক্তৃতা আগবঢ়ায়। মুখ্য বক্তা প্রফেছৰ শৰ্মাই বর্তমান সময়ত মানব জীবনৰ আটাইতকৈ ভয়াবহ আৰু ধ্বংসকামী অস্ত্র হিচাপে চাইবাৰ আক্রমণ আৰু বিত্তীয় জালিয়াতি আমাৰ নিচিনা এখন তৃতীয় বিশ্বৰ ৰাষ্ট্ৰৰ দৈনন্দিন জীবনত ঘটি থকা এটা ঘটনাৰ দৰে হৈ পৰিছে। ইয়াৰ মূল কাৰণ হিচাপে তেখেতে জনসাধাৰণৰ মাজত থকা অজ্ঞানতা আৰু চাইবাৰ সুৰক্ষাৰ প্রতি নথকা জ্ঞানৰ বাবে সংঘটিত হ’বলৈ পাইছে বুলি মত প্রকাশ কৰে। এনে ঘটনা কেৱল মাত্র অশিক্ষিত লোকৰ মাজতে সীমাবদ্ধ নাথাকি বৰঞ্চ বহু শিক্ষিত ব্যক্তিও ইয়াৰ প্রকোপৰ পৰা হাৰি যাব পৰা নাই। এনে এক অনাকাঙ্খিত পৰিস্থিতিৰ পৰা কেনেকৈ ছাত্র-ছাত্রী তথা সমাজৰ সাধাৰণ নাগকিৰ সকলে নিজকে বচাই ৰাখিব পাৰে তাৰ বিভিন্ন উদাহৰণ আৰু প্রায়োগিক দিশৰ বিষয়ে বিশদভাবে আলোচনা কৰাৰ লগতে ল’বলগীয়া সাৱধানতাসমূহৰ বিষয়ে বিস্তৃতভাবে আলোচনা কৰে। বর্তমান সময়ত কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে মানব জীৱনক যিদৰে সহজ কৰি তুলিছে ঠিক একেদৰে ইয়াৰ বিপৰীতে ভয়ংকৰ বিপদ চপাই আনিছে বুলি মত পোষণ কৰে। উক্ত অনুষ্ঠানত উপাধ্যক্ষ ড° পার্থ গাংগুলী, সদস্য সচিব ড° জে. পি. ফুকনৰ লগতে মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ শিক্ষক-শিক্ষয়িত্রী, কর্মচাৰী আৰু শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে। অনুষ্ঠানৰ শেষত কম্পিউটাৰ বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্রী দিশা মজুমদাৰে শলাগৰ শৰাই জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *