...

তিনি বছৰে ২৯ জন ট্ৰেক মেনৰ ভাগ্য অনিশ্চয়তাত

তিনি বছৰে ২৯ জন ট্ৰেক মেনৰ ভাগ্য অনিশ্চয়তাত

তিনিচুকীয়া ৰে’ল ডিভিজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

 

চাইন অন ডেস্ক,১১মে’:

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনিচুকীয়া ডিভিজনৰ ২৯ গৰাকী ট্ৰেক মেনৰ ভৱিষ্যতক লৈ এতিয়া তীব্ৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে। ২০২২ চনতে ডিব্ৰুগড় আৰু নিউ বঙাইগাঁও ৰে’লৱে ৱৰ্কশ্বপত নিযুক্তিৰ বাবে নিৰ্বাচিত হোৱা এই কৰ্মচাৰীসকলক বিগত তিনি বছৰে বিভাগে মুকলি কৰি নিদিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত পূৰ্বোত্তৰ সীমান্ত ৰে’লৱে কৰ্মচাৰী সংঘৰ যুটীয়া সাধাৰণ সম্পাদক কুন্তল বসুৱে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ জৰিয়তে ৰে’ল কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰি এক অভিযোগ-পত্ৰ দাখিল কৰিছে। ​অভিযোগ অনুসৰি, ২০২২ চনৰ বাৰ্ষিক নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত তিনিচুকীয়া ডিভিজনৰ পৰা মুঠ ২৯ গৰাকী ট্ৰেক মেনক নিৰ্বাচিত কৰা হৈছিল। ইয়াৰে ২৭ গৰাকীক ডিব্ৰুগড় আৰু ২ গৰাকীক নিউ বঙাইগাঁও ৱৰ্কশ্বপলৈ স্থানান্তৰ কৰাৰ কথা আছিল। অতি পৰিতাপৰ বিষয় যে, একে সময়তে ৰঙিয়া ডিভিজনৰ পৰা নিৰ্বাচিত হোৱা ১০২ গৰাকী কৰ্মচাৰীক বিভাগে ইতিমধ্যে মুকলি কৰি দিছে, অথচ মাত্ৰ ২৯ গৰাকী কৰ্মচাৰীক মুকলি কৰি দিবলৈ তিনিচুকীয়া ডিভিজনৰ কৰ্তৃপক্ষই বিগত তিনি বছৰে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই। আনকি প্ৰতি মাহে এজনকৈ কৰ্মচাৰীক মুকলি কৰি দিয়া হ’লেও আজিৰ তাৰিখত এই সমস্যা সমাধান হ’লহেঁতেন বুলি ক্ষোভ প্ৰকাশ কৰিছে কৰ্মচাৰী সংঘই। ​সংঘই স্পষ্ট কৰি দিছে যে বৰ্তমান তিনিচুকীয়া ডিভিজনৰ ইঞ্জিনীয়াৰিং বিভাগত পৰ্যাপ্ত মানৱ শক্তি মজুত আছে, গতিকে এই ২৯ গৰাকী কৰ্মীক মুকলি কৰি দিলে ৰে’লৰ কাম-কাজত কোনো ব্যাঘাত নজন্মে। বিভাগীয় এই চৰম উদাসীনতাৰ বাবে নিৰ্বাচিত কৰ্মচাৰীসকল মানসিক নিৰ্যাতনৰ বলি হোৱাৰ লগতে তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত এক স্থবিৰতাই দেখা দিছে। এই স্পৰ্শকাতৰ বিষয়টোত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীৰ লগতে ৰে’লৱে ব’ৰ্ড আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়াসকলৰ জৰুৰী হস্তক্ষেপ বিচাৰিছে কৰ্মচাৰী সংঘই। অতি শীঘ্ৰে এই ২৯ গৰাকী ট্ৰেক মেনক নিজৰ নিৰ্বাচিত কৰ্মস্থলীলৈ যাবলৈ অনুমতি প্ৰদান নকৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *