...

বাসুগাঁও জেষ্ঠ নাগৰিক চচাইটিৰ উদ্যোগত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

বাসুগাঁও জেষ্ঠ নাগৰিক চচাইটিৰ উদ্যোগত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

বাসুগাঁও,১০মে’:

বাসুগাঁও জেষ্ঠ নাগৰিক চচাইটিৰ উদ্যোগত বাসুগাঁও চেণ্টাৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক উষ্ম সম্বৰ্ধনা জনোৱা হয় । বাসুগাঁও জেষ্ঠ নাগৰিক চচাইটি ভৱন প্ৰাংগণত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত ঈশান তালুকদাৰ, অনুষ্কা সাহা আৰু সঞ্জীৱ মণ্ডল আদি তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোছা, মানপত্ৰ আৰু কিছু আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হয় । জেষ্ঠ নাগৰিক চচাইটিৰ উপ-সভাপতি সুৱল চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত বাসুগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰনেন চন্দ্ৰ মুছাহাৰী বক্তব্য দাঙি ধৰি কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক আদৰণি জনাই তেওঁ কয় যে বহু কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীও কেতিয়াবা জীৱন যুঁজত বিফল হয় । পৰিস্থিতি-পৰিবেশ আৰু সংগ দোষত পৰি জীৱন-যুঁজত আগবাঢ়িব নোৱাৰে । কঠোৰ পৰিশ্ৰমৰ লগতে পৰিবেশ আৰু কু-সংগই যাতে আগুৱাই যোৱাত বাধা হ’ব নোৱাৰে তাৰবাবে সতৰ্ক হ’বলৈ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনাই বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায় অধ্যক্ষ গৰাকী । বাসুগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু মিলিয়ে ছাত্ৰ-ছাত্ৰী সকল নিছা বা ড্ৰাগছৰ প্ৰতি আসক্ত নহ’বলৈ আহ্বান জনাই সু-শিক্ষা গ্ৰহণ কৰি প্ৰকৃত মানুহ হ’বলৈ তেওঁ আহ্বান জনাই চমু বক্তব্য দাঙি ধৰে । বাসুগাঁও আঞ্চলিক আছুৰ সভাপতি অনিৰ্বাণ ৰায় বক্তব্য দাঙি ধৰি আছুৰ কেন্দ্ৰীয় সমিতিয়ে অসম আৰু নৰ্থ ইষ্টৰ পৰা চল্লিশ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক ইউ পি এছ চিৰ বাবে দিল্লীত বিনামূলীয়াকৈ কোচিঙৰ ব্যৱস্থা কৰাৰ কথা তেওঁ ব্যক্ত কৰে । সভাত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, সাহিত্যিক, সমাজকৰ্মী অমৃত নাৰায়ণ পাটগিৰি, অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিনয় কুমাৰ সাহা, বাসুগাঁও বাডছলেণ্ড একাডেমীৰ অধ্যক্ষ গোপী সাহা, বাসুগাঁও আঞ্চলিক আবছুৰ সাধাৰণ সম্পাদক হৰিশ্চন্দ্ৰ বসুমতাৰী, সাৰা বি টি চি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন সভাপতি উপস্থিত থাকি বিশেষকৈ‌ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য দাঙি ধৰে । অনুষ্ঠানটিত জেষ্ঠ নাগৰিকৰ উপৰি সদৌ অসম ছাত্ৰ সন্থা (আছু), নিখিল বড়ো ছাত্ৰ সন্থা (আবছু ), সাৰা বি টি‌ চি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ বাসুগাঁও আঞ্চলিকৰ সভাপতি সুব্ৰত মণ্ডল, অন্যান্য বিষয়-ববীয়া, অভিভাৱক উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *