ডিব্ৰুগড়ৰ বান নিয়ন্ত্ৰণ বিভাগৰ প্ৰাক্তন অভিযন্তা,সমাজ কৰ্ম্মী
আলহজ ফজলুৰ ৰহমানৰ মৃত্যু
অনুষ্ঠান প্ৰতিষ্ঠানৰ শোক
চাইন অন ডেস্ক,৫মে’:

১৯৪৩ চনৰ ৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ তিনিকুনীয়াত জন্ম গ্ৰহণ কৰা ৰহমানে ডিব্ৰুগড়ৰ জজ হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰাৰ পাছত বান নিয়ন্ত্ৰণ বিভাগত শাখা সহায়ক হিচাপে চাকৰিত যোগদান কৰি ২০০৪ চনত কনিষ্ঠ অভিযন্তা হিচাপে ডিব্ৰুগড়ৰ কাৰ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰে। ২০০৫ চনত তেওঁৰ পৰিবাৰৰ সৈতে হজব্ৰত সম্পন্ন কৰি আহে। ডেৰ বছৰ পূৰ্বে তেওঁৰ পৰিবাৰৰ মৃত্যু হয়।
এগৰাকী সমাজ সেৱক হিচাপে ৰহমানে ডিব্ৰুগড় ঈদগাহ কমিটিৰ সাধাৰণ সম্পাদক, নালিয়াপুল কবৰস্থান সমিতিৰ সম্পাদক , তিনিকুনীয়া মছজিদ সমিতিৰ সভাপতি আদিৰ দায়িত্ব পালন কৰিছিল। মৃত্যুৰ সময়ত এজন পুত্ৰ, এগৰাকী কন্যা, বোৱাৰী, দুজন ককাই- ভাই আৰু তিনি নাতি-নাতিনীৰ লগতে পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। ৰহমানৰ মৃত্যুত ডিব্ৰুগড় ঈদগাহ কমিটি, তিনিকুনীয়া মছজিদ সমিতি , নালিয়াপুল কবৰস্থান কমিটি , চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজ, ডিব্ৰুগড় আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। আজি স্থানীয় নালিয়াপুল কবৰ স্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত ৰহমানৰ জানাজা সম্পন্ন কৰা হয়।