ডিব্ৰুগড় জিলাৰ ৬ সমষ্টিত ধূলিসাৎ বিৰোধী
গেৰুৱা ৰঙৰে সুভাসিত হল ডিব্ৰুগড়ৰ ৬ সমষ্টি
চাইন অন ডেস্ক,৪ মে’:

এই ফলাফলত আটাইতকৈ বিশাল জয় সাব্যস্ত হয় ডিব্ৰুগড় সমষ্টিত।এই সমষ্টিত বিজেপিৰ চাৰিবাৰৰ বিধায়ক তথা ৰাজ্যৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে অসম জাতীয় পৰিষদৰ মইনাক পাত্ৰক ৭২,০৪৩ ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে।চাহ নগৰীখনৰ পৰা এয়া তেওঁৰ ধাৰাবাহিক পঞ্চমটো জয় আৰু এতিয়ালৈকে সৰ্ববৃহৎ জয়ৰ ব্যৱধান।

আনহাতে, টিংখং সমষ্টিৰ বিধায়ক তথা উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই কংগ্ৰেছ প্ৰাৰ্থী বিপুল গগৈক ৪৯,০২৬ ভোটত পৰাজিত কৰি হেট্ৰিক অৰ্জন কৰে। ইয়াৰ লগে লগে উজনি অসমত বিজেপিৰ এজন অন্যতম শক্তিশালী নেতা হিচাপে তেওঁ নিজৰ স্থিতি সুদৃঢ় কৰে।

নাহৰকটীয়া সমষ্টিত বিজেপিৰ বিধায়ক তৰংগ গগৈয়ে কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনক ৬০,০০০ তকৈ অধিক ভোটত পৰাজিত কৰে।
চাবুৱা-লাহোৱালত বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাই কংগ্ৰেছৰ প্ৰাঞ্জল ঘাটোৱাৰক ৫০,৯১৪ ভোটত পৰাস্ত কৰে।

আজিৰ ফলাফলত আটাইতকৈ প্ৰত্যাহ্বান মূলক যুঁজখন দেখা গৈছিল খোৱাং সমষ্টিত। ইয়াত বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক ৯,৯৮৪ ভোটত পৰাজিত কৰে। ইয়াৰ লগে লগে নতুনকৈ গঠন হোৱা এই সমষ্টিটোৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনী বিজয় সাব্যস্ত কৰাত,এজেপি সভাপতিগৰাকীৰ আপ্ৰাণ প্ৰচেষ্টাৰ দুখজনকভাবে অন্ত পৰে।