...

মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মাৰ জয়

মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মাৰ জয়

৫৫ হাজাৰ ভোটৰ ব্যৱধানত বিৰোধী প্ৰাৰ্থী পৰাস্ত

মাৰ্ঘেৰিটা,৪মে’:

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিতো ভাৰতীয় জনতা পাৰ্টিৰ জয়যাত্ৰা অব্যাহত ৰ’ল। সমষ্টিটোত গেৰুৱা দলৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীক এক বৃহৎ ব্যৱধানত পৰাস্ত কৰি পুনৰ বিজয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। আজি ঘোষিত ফলাফল অনুসৰি বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে মুঠ ৮৬,৩৪৯ টা ভোট লাভ কৰি প্ৰতিদ্বন্দ্বীসকলক সম্পূৰ্ণৰূপে পৰাস্ত কৰে।
প্ৰতিদ্বন্দ্বীৰ শোচনীয় পৰাজয়
ভোট গণনাৰ আৰম্ভণিৰেপৰাই আধিপত্য বিস্তাৰ কৰা ভাস্কৰ শৰ্মাই ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল চেত্ৰীক ৫৫,৩১৭ টা ভোটৰ বিশাল ব্যৱধানত পৰাজিত কৰে। দ্বিতীয় স্থানত থকা ৰাহুল চেত্ৰীয়ে ৩১,০৩২ টা ভোট পায়। আনহাতে ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী জাৰ্নেল মিঞ্জে ১৯,২২৮ টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে।
ভোটাৰৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ
চলিত নিৰ্বাচনত ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিত ভোটাৰৰ উপস্থিতি আছিল যথেষ্ট উৎসাহজনক। বিভাগীয় তথ্য অনুসৰি সমষ্টিটোৰ প্ৰায় ৭৭.০৮ শতাংশ ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰিছিল। এই বিপুল জনসমৰ্থনৰ জয়ৰ পাছতেই মাৰ্ঘেৰিটাৰ বিজেপি কৰ্মী-সমৰ্থকসকলৰ মাজত উৎসৱৰ পৰিৱেশ বিৰাজ কৰিছে। আতচবাজী আৰু আবীৰেৰে বিজয় উদযাপন কৰা পৰিলক্ষিত হৈছে। বিজয় সাব্যস্ত কৰি ভাস্কৰ শৰ্মাই সমষ্টিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনাগত দিনত মাৰ্ঘেৰিটাৰ সৰ্বাংগীণ উন্নয়নৰ বাবে অধিক নিষ্ঠাৰে কাম কৰি যোৱাৰ সংকল্প দোহাৰে তৃতীয় বাৰলৈ বিধায়ক হোৱা ভাস্কৰ শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *