ধুবুৰীত বিজেপিৰ বিজয় নিশ্চিত ?
ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী উত্তম প্ৰসাদ
ধুবুৰী,৩মে’:
গ্ৰাউণ্ড ৰিপোৰ্ট মতে ধুবুৰী বিধানসভা সমষ্টিত কংগ্ৰেছ আৰু এআইইডিএফ দলৰ সৈতে বিজেপিৰ তিনিকোণীয়া নিৰ্বাচনী যুঁজ হ’ব। অহাকালি ৪ মে’ৰ ভোট গণনাৰ পূৰ্বে আজি এই দাবী কৰিলে ধুবুৰীৰ বিজেপি দলৰ প্ৰাৰ্থী উত্তম প্ৰসাদে। অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত হোৱা ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনতকৈ এইবেলিৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি পোৱা সন্দৰ্ভত প্ৰসাদৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য, “বিগত লোকসভা নিৰ্বাচনৰ পিছত পশ্চিমবংগত ভোটাৰ তালিকাৰ এছআইআৰ আৰু অসমত এছআৰ হোৱাৰ পিছত এইবেলিৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি পাইছে।” তেওঁৰ দাবী, “বিগত লোকসভা নিৰ্বাচনতকৈ বিধানসভা নিৰ্বাচনত ধুবুৰী বিধানসভা সমষ্টিত বৃদ্ধি হৈছে প্ৰায় ৩ শতাংশ ভোটদানৰ হাৰ আৰু এই বৃদ্ধি হোৱা ভোট হ’ল হিন্দু ভোটাৰৰ।” বিজেপিৰ বাবে শুভ লক্ষণ এয়াই যে যি যি ঠাইত ভোটদানৰ হাৰ বৃদ্ধি পাইছে সেই সেই ঠাইত বিজেপিৰ বিজয় নিশ্চিত বুলিও সাংবাদিকৰ সন্মুখত দাবী কৰা পোৱা যায় তেওঁ। আনহাতে, সাম্প্ৰতিক এক্সিট প’ল সন্দৰ্ভত ধুবুৰীৰ বিজেপি প্ৰাৰ্থী উত্তম প্ৰসাদৰ মন্তব্য, “চাওক ১১টা এক্সিট প’লৰ ৰিপোৰ্টত এটাই কথা। অসমত একমাত্ৰ ৰাজ্য য’ত একক সংখ্যাগৰিষ্ঠতাৰে এনডিএ চৰকাৰ পুনৰ আহিব। আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমত বঢ়িয়া কাম কৰিছে। অসমক লৈ আমাৰ কোনো টেনচন নাই, ইয়াত একক
সংখ্যাগৰিষ্ঠতাৰে আমাৰ চৰকাৰ গঠন হ’ব লৈ গৈ আছে।” আনহাতে পশ্চিমবংগ সন্দৰ্ভত প্ৰসাদৰ মন্তব্য “চাওক প্ৰতিটো এক্সিট প’লে পশ্চিমবংগতো বিজেপি চৰকাৰ গঠন কৰিব বুলি কৈছে। পশ্চিমবংগৰ বিগত বিধানসভা নিৰ্বাচনতকৈ, লোকসভা নিৰ্বাচনতকৈ এইবাৰৰ বিধানসভা নিৰ্বাচনত ১১ ৰ পৰা ১২ শতাংশ ভোটদানৰ হাৰ বৃদ্ধি পাইছে। যেতিয়াই ভেটদান হাৰ বৃদ্ধি পায় সেয়া চৰকাৰৰ বিৰূদ্ধেই হয়। বিগত ১৫ বছৰৰ পৰা পশ্চিমবংগত টিএমচিৰ চৰকাৰ আছিল। এইবাৰ দলটোৰ বিৰূদ্ধে থকা প্ৰতিষ্ঠান বিৰোধী ঢৌৰ লাভ বিজেপিয়ে পাবলৈ গৈ আছে।” উল্লেখ্য যে অহাকালি পুৱাৰ পৰা ধুবুৰী জিলাৰ গৌৰীপুৰ পি. চি. ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠানত নিৰ্মাণ কৰা অস্থায়ী ভেটগণনা কেন্দ্ৰত তিনি তৰপীয়া নিৰাপত্তা বেষ্টনীৰৰ মাজেৰে জিলাখনৰ ৫টা বিধানসভা সমষ্টিৰ ভোট গণনা কৰা হ’ব। ইয়াতে উল্লেখনীয় এয়াও যে, এইবাৰৰ বিধানসভা নিৰ্বাচনত পূৰ্বৰ সকলো অভিলেখ ভাঙি ধুবুৰী জিলাৰ ভোটদানৰ গঢ় হাৰ হৈছে গৈ ৯৫.১৮ শতাংশ। ইয়াৰে বীৰসিং জৰুৱাত সৰ্বোচ্চ ৯৬.৫৪ শতাংশ ভোটদান হোৱাৰ বিপৰীতে গৌৰীপুৰ বিধানসভা সমষ্টিৰ ভোটদান গঢ় হাৰ হ’ল ৯৬.০৭ শতাংশ। আনহাতে, ধুবুৰী আৰু গোলকগঞ্জ আৰু বিধানসভা সমষ্টিৰ ভোটদানৰ গঢ় হাৰ হ’ল ক্ৰমে ৯৪.৪৭ শতাংশ আৰু ৯৪.৫২ শতাংশ। আনহাতে, ধুবুৰী জিলাৰ ৫টা বিধানসভা সমষ্টিৰ সৰ্বনিম্ন ভোটদানৰ হাৰ হ’ল বিলাসীপাৰাৰ। সমষ্টিটোৰ ভোটদানৰ গঢ় হাৰ হ’ল ৯৩.২৬ শতাংশ।
Like this:
Like Loading...