...

আৰক্ষীৰ লাঠীচালনাৰ প্ৰতিবাদত মানকাচৰত উত্তপ্ত পৰিস্থিতি

আৰক্ষীৰ লাঠীচালনাৰ প্ৰতিবাদত মানকাচৰত উত্তপ্ত পৰিস্থিতি

আমছু আৰু ব্যৱসায়ীৰ উদ্যোগত মানকাচৰৰ আৰক্ষী থানা ঘেৰাও !

মানকাচৰ,২মে’:

মানকাচৰত আৰক্ষী আৰু ব্যৱসায়ীৰ মাজত সৃষ্টি হোৱা সংঘাতে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অসম-মেঘালয়ৰ ব্যৱসায়িক কেন্দ্ৰিক সংঘাতৰ প্ৰতিবাদত আমছু আৰু স্থানীয় ব্যৱসায়ীসকলৰ উদ্যোগত মেঘালয়ৰ সৈতে সকলো ধৰণৰ সামগ্ৰীৰ আদান-প্ৰদান অনিৰ্দিষ্টকালীনভাৱে বন্ধ ৰখা হৈছিল। কিন্তু এই বন্ধৰ মাজতেই আজি এক ‘দুষ্ট চক্ৰ’ই নিয়ম উলংঘা কৰি মেঘালয়ৰ পৰা কেইবাখনো কেঁচা তামোল ভৰ্তি পিক-আপ ভান মানকাচৰলৈ অনাৰ চেষ্টা চলোৱাক কেন্দ্ৰ কৰি উত্তেজনাই চৰম সীমা পায়।
প্ৰাপ্ত খবৰ অনুসৰি, মেঘালয়ৰ পৰা অবৈধভাৱে তামোল কঢ়িয়াই অনা বাহনসমূহক সীমান্তত ভুক্তভোগী থলুৱা ব্যৱসায়ীসকলে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰে। কিন্তু সেই সময়তে মানকাচৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰী ব্যৱসায়ীসকলৰ ওপৰত আকস্মিকভাৱে লাঠীচালনা কৰে। আৰক্ষীৰ এই অতৰ্কিত আক্ৰমণত কেইবাজনো ব্যৱসায়ী আৰু স্থানীয় লোক গুৰুতৰভাৱে আহত হয়।
আৰক্ষীৰ এই দমনমূলক নীতি আৰু লাঠীচালনাৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ইয়াৰ প্ৰতিবাদত আজি বিয়লি আমছু আৰু স্থানীয় ব্যৱসায়ী সন্থা একগোট হৈ মানকাচৰ আৰক্ষী থানা ঘেৰাও কৰে। প্ৰতিবাদকাৰীয়ে থানাৰ সন্মূখত সমবেত হৈ আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদকাৰীসকলৰ অভিযোগ যে আৰক্ষীয়ে একাংশ অসাধু ব্যৱসায়ীৰ সৈতে মিতিৰালি কৰি সাধাৰণ ভুক্তভোগী ব্যৱসায়ীৰ ওপৰত বলপ্ৰয়োগ কৰিছে। তেওঁলোকে দোষী আৰক্ষী বিষয়াক শাস্তি দিয়াৰ লগতে সীমান্তৰ এই ব্যৱসায়িক সংঘাতৰ স্থায়ী সমাধান দাবী কৰিছে। বৰ্তমানো থানাৰ সন্মূখত বৃহৎ সংখ্যক নিৰাপত্তাকৰ্মী মোতায়েন কৰা হৈছে আৰু সমগ্ৰ মানকাচৰ অঞ্চলত চেপা উত্তেজনা বিৰাজ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *