...

ধুবুৰী জিলা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিক্ৰিয়া

Spread the love

ধুবুৰী জিলা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিক্ৰিয়া

 

কনটেন্ট ক্ৰিয়েটৰ ভাস্কৰ দত্তৰ বিতৰ্কিত মন্তব্য
ক্ষমা বিচৰাৰ দাবী ছাত্ৰ সন্থাৰ

ধুবুৰী,১মে:

সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাই কালি এক প্ৰেছ বিবৃতিযোগে শেহতীয়াকৈ ৰাজ্যৰ এগৰাকী কনটেন্ট ক্ৰিয়েটৰ ভাস্কৰ দত্তই ধুবুৰীত উপস্থিত হৈ সামাজিক মাধ্যমত কৰা এক মন্তব্যক লৈ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। বিবৃতিটোত, ছাত্ৰ সংগঠনটোৱে ভাৰতৰ মানচিত্ৰৰ সাধাৰণ জ্ঞান নথকা বাবে দত্তই নিজৰ আপোন অসমখনক তেখেতৰ ভিডঅ’ৰ যোগেদি যিদৰে চিনাকি কৰাই দিলে সেয়া সম্পূর্ণ ৰূপে গৰিহণাৰ যোগ্য বুলি অভিহিত কৰিছে। ধুবুৰীৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব আৰু ধুবুৰীৰ বিহুক লৈ কৰা দত্তই কৰা মন্তব্যক লৈও জাঙুৰ খাই উঠিছে সংগঠনটোৱে। সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দীপ দৰ্শন কলিতা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জীৱনজ্যোতি বৰুৱা স্বাক্ষৰিত সেই প্ৰেছ বিজ্ঞপ্তিটোত ভাস্কৰ দত্তক অতি সোনকালে সমূহ অসমবাসীৰ ওচৰত ধুবুৰী জিলাক লৈ কৰা মন্তব্য বাবে ক্ষমা বিচৰাৰ দাবী জনোৱাৰ সমান্তৰালকৈ ভৱিষ্যতে এনে ধৰণৰ মন্তব্যেৰে অসমবাসীক বিভ্ৰান্ত নকৰিবলৈ তেওঁক সকীয়নি প্ৰদান কৰা হৈছে। উল্লেখ্য যে, ইতিমধ্যে দত্তই সেই বিতৰ্কিত ভিডিঅ’টো সামাজিক মাধ্যমৰ পৰা আঁতৰোৱা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *