...

লেঙেৰী নতুন ভৰালী বাৰীলৈ সুখবৰ

Spread the love

লেঙেৰী নতুন ভৰালী বাৰীলৈ সুখবৰ

কলা শাখাত গৌৰৱ ভাস্বতী মহনৰ

চাইন অন ডেস্ক,১মে:

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বাৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ কলা শাখাত ডিব্ৰুগড় ডঃৰাধাকৃষ্ণন কলা, বাণিজ্য আৰু বিজ্ঞান বিদ্যালয়ৰ পৰা ডিব্ৰুগড় জিলাৰ লেঙেৰী মৌজাৰ নতুন ভৰালী বাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা নতুন ভৰালী বাৰীৰ নিৰ্বাসী মনোজ মহন আৰু পিংকি ৰাজখোৱা মহনৰ কন্যা ভাস্বতী মহনে পাছটা বিষয়ত প্ৰথম স্থান অধিকাৰ কৰি লেটাৰ সহ ডিষ্টিংচন অৰ্জন কৰিছে।ভাস্বতীয়ে ইংৰাজীত-৮৪, অসমীয়া -৯১, ভূগোল বিষয়ত -৯৯, সমাজ বিজ্ঞান -৯২,শিক্ষাতত্ব-৯১, আৰু অৰ্থনীতি বিজ্ঞান-৮৯ সহ মুঠ ৫০০ৰ ভিতৰত ৪৫৯ নম্বৰ অৰ্জন কৰি ৯১.৪ শতাংশ উত্তীৰ্ণ হাৰেৰে ডিষ্টিংচন পাবলৈ সক্ষম হৈছে। ডিব্ৰুগড় জিলাৰ খোৱাং উন্নয়ন খণ্ডৰ এলেকাধীন লেঙেৰী মৌজাৰ নতুন ভৰালী বাৰীলৈ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ কলা শাখাত ডিষ্টিংচন প্ৰাপ্ত ভাস্বতী মহনে গৌৰৱ কঢ়িয়াই আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *