...

তৃতীয় স্থানলৈ উন্নীত ৰিয়ানৰ ৰাজস্থান

Spread the love

তৃতীয় স্থানলৈ উন্নীত ৰিয়ানৰ ৰাজস্থান

অৱশেষত জয়ৰ গতি ৰুদ্ধ হ’ল পঞ্জাব কিংছৰ

নিউ চণ্ডীগড়,২৯এপ্রিল:

অৱশেষত জয়ৰ গতি ৰুদ্ধ হ’ল পঞ্জাব কিংছৰ। চলিত আইপিএলত শ্রেয়াছ আয়াৰ নেতৃত্বাধীন পঞ্জাব কিংছে প্ৰথমটো পৰাজয়ৰ মুখ দেখিছে।কালি নিউ চণ্ডীগড়ত অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত পঞ্জাব কিংছে অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ হাতত ৬ উইকেটত পৰাস্ত হয়। মেচখনত পঞ্জাবে জয়ৰ বাবে বান্ধি দিয়া ২২৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ যশস্বী জয়ছোৱাল আৰু ড’ন’ভান ফেৰেইৰাৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত ৰাজস্থান ৰয়েলছে ১৯.২ অভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। মেচখনত বিজয় সাব্যস্ত কৰি ৰাজস্থান ৰয়েলছে ৯খন মেচৰ ৬খনত জয় আৰু তিনিখনত পৰাস্ত হৈ ১২ পইন্টেৰে পইন্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হয়। বিপৰীতে পঞ্জাব কিংছে ৮খন মেচ খেলি ৬খনত বিজয় সাব্যস্ত কৰি ১৩ পইন্টৰে শীর্ষস্থানটো নিজৰ দখলতে ৰখিছে। দলটোৰ এখন মেচ বৰষুণৰ বাবে পৰিত্যক্ত হয়। মেচখনত জয়ছোৱাল আৰু বৈভৱ সূর্যবংশীয়ে প্রথম উইকেটত ৫১ ৰান সংগ্ৰহ কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে। বৈভবে বিস্ফোৰক ৰূপ ধাৰণ কৰি ১৬টা বলত তিনিটা চাৰি আৰু ৫টা ছয়েৰে ৪৩ বানৰ অৱদান আগবঢ়ায়। ইফালে, জয়ছোৱালে

২৭টা বলত ৭টা চাৰি আৰু এটা ছয়েৰে ৫১ ৰানৰ অৰিহণা আগবঢ়ায়। ধ্ৰুৱ জুৰেলে ১৬ আৰু অধিনায়ক ৰিয়ান পৰাগে ২৯ ৰান কৰে। এটা সময়ত দলীয় স্ক’ৰ ১৫১ ৰানত চাৰিটা উইকেট হেৰুৱাই দলটোৱে বিপর্যয়ত পৰিছিল যদিও ফেৰেইৰা আৰু শুভম ডুবেই পঞ্চম উইকেটত অপৰাজিতভাবে ৭৭ ৰান সংগ্ৰহ কৰি দলৰ জয় নিশ্চিত কৰে। ৰাজস্থানৰ জয়ৰ মূলতে হ’ল ফেৰেইৰাৰ বিস্ফোৰক অপৰাজিত অর্ধশতক। ২৬টা বলত ৬টা চাৰি আৰু তিনিটা ছয়েৰে ৫২ ৰান কৰি অপৰাজিত হৈ থাকে ফেৰেইৰাই। ইফালে, ডুবেই ১২টা বলত অপৰাজিতভাৱে ৩১ ৰান কৰে। পঞ্জাবৰ হৈ যুজবেন্দ্র চাহালে সর্বাধিক তিনিটা উইকেট লাভ কৰে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰি মার্কাছ ষ্ট’ইনিছৰ বিস্ফোৰক অপৰাজিত অর্ধশতক আৰু অ’পেনাৰ প্রভছিমৰন সিঙৰ ৫৯ ৰানৰ সহায়ত পঞ্জাব কিংছে নির্ধাৰিত ২০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ২২২ ৰান সংগ্ৰহ কৰে। ১৮ অভাৰত চাৰিটা উইকেট হেৰুৱাই পঞ্জাবে ১৮১ ৰান কৰিছিল যদিও ষ্ট’ইনিছে বিস্ফোৰক ৰূপ ধাৰণ কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়। ষ্ট’ইনিছে ২২টা বলত ৪টা চাৰি আৰু ৬টা ছয়েৰে ৬২ ৰান কৰি অপৰাজিত হৈ থাকে। প্রিয়াংশ আর্থই ২৯, ক’ন’লীয়ে ৩০ আৰু অধিনায়ক শ্রেয়াছেও ৩০ ৰান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *