...

“জাহাজ পৰিবহণৰ দিশে ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ সবল পদক্ষেপ; ২০২৬-২৭ বিত্তীয় বৰ্ষত ৫১,৩৮৩ কোটি টকাৰ বিনিয়োগেৰে ৬২খন জাহাজ সংযোজনৰ পৰিকল্পনা” : সৰ্বানন্দ সোণোৱাল

Spread the love

“জাহাজ পৰিবহণৰ দিশে ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ সবল পদক্ষেপ; ২০২৬-২৭ বিত্তীয় বৰ্ষত ৫১,৩৮৩ কোটি টকাৰ বিনিয়োগেৰে ৬২খন জাহাজ সংযোজনৰ পৰিকল্পনা” : সৰ্বানন্দ সোণোৱাল

“বৰ্তমানৰ বিত্তীয় বৰ্ষত জাহাজ পৰিবহণ খণ্ডক আত্মনিৰ্ভৰ আৰু শক্তিশালী কৰাৰ উদ্দেশ্যে ২.৮৫ মিলিয়ন জিটি ক্ষমতা সংযোজনৰ লক্ষ্য” : সোণোৱাল

নতুন দিল্লী, ২৯ এপ্রিল, ২০২৬:

সামুদ্রিক ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আৰু হৰ্ভুজ প্ৰণালীৰ পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত এক উচ্চস্তৰীয় আন্তঃমন্ত্ৰালয় পর্যালোচনা বৈঠকত ভাৰতৰ জাহাজ
খণ্ডৰ সক্ষমতা শক্তিশালী কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
(MoPNG), ৰাজহুৱা খণ্ডৰ তৈল উদ্যোগসমূহ, ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়, জাহাজ পৰিবহণ সঞ্চালকালয়, ৰাষ্ট্ৰীয় শ্বিপিং ব’ৰ্ড আৰু বৈদেশিক বাণিজ্য সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
ই উপলক্ষে সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমি ভাৰতৰ অৰ্থনৈতিক স্থিতিশীলতাৰ প্ৰাণকেন্দ্ৰত জাহাজ পৰিবহণ খণ্ডক প্ৰতিষ্ঠা কৰিছোঁ। আত্মনিৰ্ভৰ জাহাজ পৰিবহণৰ দিশে আমাৰ যাত্ৰা এটা
কৌশলগত প্রয়োজনীয়তা। ২০২৬-২৭ বিত্তীয় বৰ্ষত ৫১,৩৮৩ কোটি টকাৰ বিনিয়োগেৰে ৬২খন জাহাজ সংযোজন কৰি অতিৰিক্ত ২.৮৫ মিলিয়ন জিটি ক্ষমতা বৃদ্ধি কৰাৰ এক গুৰুত্বপূৰ্ণ ৰ’ডমেপ আগবঢ়োৱা হৈছে।”
বিশ্বব্যাপী বর্তমান পৰিস্থিতি আৰু সামুদ্রিক বাণিজ্য পথসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে পর্যালোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ জাহাজ পৰিবহণ ক্ষমতা তৎপৰতাৰে বৃদ্ধি কৰাৰ আহ্বান জনায়। ইয়াত কন্টেইনাৰ

জাহাজ, এলপিজি আৰু ক্ৰুড বাহক, গ্রীণ টাগ আদি অন্তৰ্ভুক্ত। দেশৰ যোগান শৃংখলা নিৰৱচ্ছিন্ন কৰি ৰাখিবলৈ আৰু বৈশ্বিক প্ৰতিকূলতাৰ সৈতে মোকাবিলা কৰিবলৈ এইসমূহৰ প্ৰয়োজনীয়তা বিশেষভাৱে উল্লেখ কৰা হয়।
তেখেতে কণ্টেইনাৰ জাহাজ বহৰ, গ্ৰীণ টাগ, এলপিজি বাহক, ক্রুড বাহক, ড্রেজিং জাহাজ আৰু টেংকাৰ বৃদ্ধিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। লগতে ভাৰতীয় জাহাজ পৰিবহণ নিগম (SCI) আৰু ৰাজহুৱা খণ্ডৰ তৈল
উদ্যোগসমূহৰ দ্বাৰা ৫৯খন জাহাজ ক্ৰয়ৰ উদ্দেশ্যে গঠিত যৌথ পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷
“আমি তৎপৰতাৰে আমাৰ জাহাজ বহৰ, জাহাজ নির্মাণ ক্ষমতা, বন্দৰ আন্তঃগাঁথনি আৰু সামুদ্রিক পৰিসৰৰ উন্নয়নৰ বাবে আগবাঢ়িব লাগিব,” সোণোৱালে কয়, আৰু এক সমন্বিত ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত
গুৰুত্ব আৰোপ কৰে৷ এক সুসংগঠিত নীতিৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট সকলো বিভাগক সামুদ্রিক ক্ষেত্ৰৰ সমস্যা, স্পষ্ট লক্ষ্য আৰু সময়-সীমাবদ্ধ ৰ’ডমেপৰ কথা উল্লেখ কৰি এক সংক্ষিপ্ত আৰু কাৰ্যকৰী শ্বেতপত্ৰ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে৷ তেওঁ এই কামটো পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, ৰাসায়নিক আৰু সাৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠ সমন্বয়েৰে সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে৷

“এই দস্তাবেজ আমাৰ পৰৱৰ্তী বৃহৎ আন্তঃমন্ত্ৰালয় পর্যালোচনাৰ ভিত্তি হ’ব৷ মই কেন্দ্ৰীভূত, ব্যৱহাৰিক আৰু ফলাফলমুখী পৰামৰ্শ তথা সমাধান আশা কৰোঁ৷ আহক আমি স্পষ্টতা, সমন্বয় আৰু দৃঢ় প্ৰতিশ্ৰুতিৰে আগবাঢ়োঁ, ”
সোণোৱালে কয়। তেওঁ পুনৰ উল্লেখ কৰে যে ভাৰতীয় নাবিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা অতি গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল সামুদ্রিক অঞ্চলসমূহত উচ্চস্তৰীয় সতৰ্কতা বজাই ৰাখিবলৈ সংশ্লিষ্ট সংস্থাসমূহক নিৰ্দেশ দিয়া হৈছে৷ ভাৰতক এক বিশ্বমানৰ প্ৰতিযোগিতামূলক সামুদ্রিক শক্তি হিচাপে প্ৰতিষ্ঠা কৰাত সোণোৱালে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰে৷
কেন্দ্ৰীয় চৰকাৰে সামগ্ৰিক পৰিস্থিতি নিৰন্তৰ পৰ্যবেক্ষণ কৰি আছে আৰু একেসময়তে ভাৰতৰ সামুদ্রিক সক্ষমতা শক্তিশালী কৰি বৈশ্বিক বাণিজ্যত নিজৰ স্থান শক্তিশালী কৰাৰ দীৰ্ঘম্যাদী কৌশলসমূহ আগবঢ়াই লৈ যোৱাত প্ৰাধান্য
দিছে বুলি সোণোৱালে উল্লেখ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *