...

কন্টেন্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে এজাহাৰ দাখিল !

Spread the love

কন্টেন্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে এজাহাৰ দাখিল !

 

মিছা,অপমানজনক আৰু সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি

 

ধুবুৰী,২৯এপ্ৰিল:

সামাজিক মাধ্যমৰ এগৰাকী কন্টেন্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে মিছা, অপমানজনক আৰু সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিকাৰী বিষয়বস্তু প্ৰচাৰ কৰাৰ অভিযোগেৰে কালি ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰা হোৱা বুলি জানিব পৰা গৈছে। কাজী মাহামুদুল হাছান নামৰ ধুবুৰীৰ স্থানীয় যুৱক এগৰাকীয়ে দাখিল কৰা নিজৰ সেই এজাহাৰখনত সামাজিক মাধ্যমৰ “Bhaskarr Dutta” নামৰ ফেচবুক পেজৰ জৰিয়তে বিশেষ এটা ভিডিঅ’ৰ প্ৰকাশ আৰু প্ৰচাৰ কৰাৰ বাবে সেই কন্টেন্ট ক্ৰিয়েটৰ গৰাকীৰ বিৰুদ্ধে তাৎক্ষণিক আইনী ব্যৱস্থা ল’বলৈ অনুৰোধ জনোৱা হৈছে। কনটেন্ট ক্ৰিয়েটৰ গৰাকীৰ সেই ভিডিঅ’টোত ধুবুৰী জিলাৰ লোকসকলক ধৰি নামনি অসম বৃহত্তৰ অঞ্চলক লক্ষ্য কৰি সম্পূৰ্ণ মিছা, মনেগঢ়া, অপমানজনক, উত্তেজনামূলক আৰু ভ্ৰান্তিকৰ বক্তব্য দিয়াৰ অভিযোগ উত্থাপিত কৰিছে এজহাৰকাৰী গৰাকীয়ে। এজাহাৰ খনত সামাজিক মাধ্যমৰ ফেচবুকত কনটেন্ট ক্ৰিয়েটাৰ গৰাকীয়ে প্ৰকাশ কৰা সেই ভিডিঅ’টোত ইচ্ছাকৃতভাৱে এটা নিৰ্দিষ্ট ধৰ্মীয় সম্প্ৰদায়কে ধৰি ধুবুৰী তথা নামনি অসমৰ কিছু লোকক লক্ষ্য কৰি মিছা আৰু উত্তেজনামূলক অভিযোগ কৰাৰ ফলত সমাজত ঘৃণা, অবিশ্বাস আৰু বৈৰিতা সৃষ্টি হোৱাৰ সম্ভাৱনা থকা বুলিও আশংকা প্ৰকাশ কৰা হৈছে। নিজৰ ভিডিঅ’টোত কনটেন্ট ক্ৰিয়েটৰ গৰাকীয়ে ব’হাগ বিহু উদযাপন আৰু ইয়াৰ লগত জড়িত সাংস্কৃতিক প্ৰথাবোৰৰ সম্পৰ্কেও অপমানজনক মন্তব্য কৰাৰো বিষ্ফোৰক অভিযোগ আনিছে এজাহাৰকাৰী কাজী মাহমুদুল হাছানে। ভিডিঅ’টোৰ বিষয়বস্তুসমূহ প্ৰথম দৃষ্টিত ভাৰতীয় ন্যায় সংহিতা, ২০২৩ অনুসৰি দণ্ডনীয় অপৰাধৰ অন্তৰ্গত বুলিও এজাহাৰখনত উল্লেখ থকাৰ সমান্তৰালকৈ বিষয়টোৰ গুৰুত্বতা বিবেচনা কৰি কনটেন্ট ক্ৰিয়েটৰ গৰাকীৰ বিৰূদ্ধে এফআইআৰ ৰুজু কৰি তৎকালে তদন্ত আৰম্ভ কৰাৰ বাবে ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক অনুৰোধ জনোৱা হৈছে। উল্লেখ্য যে, ইতিমধ্যে সেই বিশেষ ভিডিঅ’টো ফেচবুকৰ পৰা আঁতৰোৱা হোৱা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *