...

ডিব্ৰুগড় মহানগৰত নিশা উত্তপ্ত পৰিস্থিতি ?

Spread the love

ডিব্ৰুগড় মহানগৰত নিশা উত্তপ্ত পৰিস্থিতি ?

কিন্তু কিয় হল এই পৰিস্থিতি ?
অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত,জ্বলি গল টেন্ট হাউচ

চাইন অন ডেস্ক,২৯এপ্ৰিলঃ

ডিব্ৰুগড় মহানগৰত কালি নিশা এক উত্তপ্ত পৰিস্থিতিৰ স্বৃষ্টি হয়।

এটা টেন্ট হাউচ জ্বলি উঠাক কেন্দ্ৰ কৰিয়েই ডিব্ৰুগড় মহানগৰৰ নালিয়াপুলত নিশা এক ভয়ংকৰ উত্তপ্ত পৰিস্থিতিৰ স্বৃষ্টি হয়।জানিব পৰা অনুসৰি
এটা বিবাহ ভৱনৰ সন্মূখত এখন বিয়াৰ ফটকা ফুটাই থকাৰ সময়তে বিবাহ ভৱনটোৰ কাষতে থকা এটা টেন্ট হাউচ জ্বলি উঠাক কেন্দ্ৰ কৰিয়েই ডিব্ৰুগড় মহানগৰৰ নালিয়াপুলত নিশা উত্তপ্ত পৰিস্থিতিৰ স্বৃষ্টি হয়।ফলত আৰক্ষীৰে একাংশ স্থানীয় লোকৰ সংঘাটৰ অৱতাৰণা হয়।
পৰিস্থিতি নিয়ন্ত্রণৰ বাবে মোতায়েন কৰা হয় বিশেষ আৰক্ষীৰ দল।
ঘটনাৰ বিৱৰণি অনুসৰি
ডিব্ৰুগড় নালিয়াপুলৰ ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা আশ্রয় নামৰ বিবাহ ভৱনত কালি নিশা এখন বিবাহ চলি আছিল।সেই বিবাহ অনুষ্ঠানৰে ফটকা ৰাষ্ট্ৰীয় ঘাইপথত ফুটাই থকা সময়তে কাষত থকা চাজু নামৰ এজন স্থানীয় লোকৰ এটা টেন্ট হাউচ জ্বলি উঠে। টেন্ট হাউচটো জ্বলি থকা সময়ত ফটকাৰ ফিৰিঙতি আহি পৰা দৃশ্যও একাংশ স্থানীয়ৰ মোবাইল কেমেৰাত বন্দী হয়।

অগ্নি কাণ্ডটোত টেন্ট হাউচটোৰ সকলো সামগ্রী জ্বলি যায়।লগতে আন এখন দোকানৰো বিশেষ ক্ষতি হয়। স্থানীয় একাংশ যুৱকে জুই প্ৰতক্ষ কৰি, জুই নোমোৱাৰ চেষ্টা চলায়।
অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত স্থানীয়ৰ সহযোগত জুই নোমায় যদিও, ঘটনাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ স্বৃষ্টি হয়।
একাংশৰ অভিযোগ বিবাহ ভৱনৰ সন্মূখত ফুটুৱা ফটকাৰ পৰাই জুইৰ সূত্ৰপাত হয়।

যাৰ প্ৰতিবাদত
একাংশ লোকে বিবাহ ভৱনটো ঘেৰাও কৰি বিবাহ চলি থকা সময়তে গেট বন্ধ কৰাৰ চেষ্টা চলাই আৰু ৰাজপথ অবৰোধ কৰে।

যাক লৈ আৰক্ষী উপস্থিত হৈ বিবাহ ভৱনৰ গেট বন্ধৰ কৰাৰ চেষ্টা চলোৱা সকলৰ লগতে পৰিস্থিতি জতিল কৰা সকলক নিয়ন্ত্রণ কৰাৰ চেষ্টা কৰে।পৰিস্থিতি নিয়ন্ত্রণৰ সময়তে আৰক্ষীৰে সাধাৰণ লোকৰ হতাহতি আৰু তীব্র সংঘাটৰ সৃষ্টি হয়।
প্ৰায় ২:৩০ ঘন্টা সময় পৰিস্থিতি উতপ্ত হৈ থকাৰ পাছত কিছু নিয়ন্ত্রণলৈ আহে, যদিও আৰক্ষীৰ দলে পহৰা দিব লগা হয় সমগ্ৰ অঞ্চলটো। ঘটনাস্থলীত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অতুল কুমাৰ উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেশন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *