...

ডিব্ৰুগড়ৰ কেইবাখনো শিক্ষানুষ্ঠানৰ উল্লেখনীয় সাফল্য

Spread the love

ডিব্ৰুগড়ৰ কেইবাখনো শিক্ষানুষ্ঠানৰ উল্লেখনীয় সাফল্য

আৰ কে একাডেমি – চল্ট ব্ৰুক

চাইন অন ডেস্ক,২৮এপ্ৰিলঃ

আজি ঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয় ফলাফলত ডিব্ৰুগড়ৰ কেইবাখনো শিক্ষানুষ্ঠানে উল্লেখনীয় সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড় ৰাধাকৃষ্ণণ একাডেমী জুনিয়ৰ কলেজৰ পৰা ৰাজ্যৰ ভিতৰত ভূগোল বিষয়ত ১০০ ভিতৰত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে সাত জনকৈ ছাত্ৰ ছাত্ৰী।কৃতি ছাত্ৰ-ছাত্ৰী সকল হল ক্ৰমে অনিকা মাহিদা হুচেইন,বৃষ্টিপ্ৰিয়া গগৈ,এষ্টিলিনা মৰান,জোনাশ্ৰী ৰাজকোঁৱৰ,মিকি সোণোৱাল,প্ৰতিক্ষা গগৈ আৰু ৰিমজিম বৰগোহাঁইয়ে এশৰ ভিতৰত এশ নম্বৰ লাভ কৰি একাডেমিৰ লগতে সমগ্ৰ ডিব্ৰুগড়লৈ গৌৰৱ কৰিয়াই আনিবলৈ সক্ষম হয়। আনহাতে মনোবিজ্ঞান বিষয়ত মুঠ চাৰিগৰাকীয়ে ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।কৃতিমান শিক্ষাৰ্থী কেইগৰাকী ক্ৰমে নিশিতা চেতিয়া, হিয়া দেউৰী,জোনাশ্ৰী ৰাজকোঁৱৰ আৰু পাৰ্চী গগৈয়ে এশ নম্বৰ লাভ কৰে। আনহাতে সমীৰণ হাজৰিকাই গণিতত এশ নম্বৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ছাত্ৰ ছাত্ৰী সকলৰ এই সাফল্যত সকলো উৎফুল্লিত হৈ পৰাৰ লগতে আতচবাজী, বিহু আদি গাই সমগ্ৰ পৰিৱেশ উৎসৱমুখৰ কৰি তোলে।একাডেমিৰ অধ্যক্ষ বিকাশ গগৈ সহ শিক্ষক শিক্ষয়িত্ৰী সকলোৱে শিক্ষানুষ্ঠান খনৰ সামগ্ৰীক সাফল্যত উৎসাহিত হোৱা দেখা যায়। আনহাতে শিক্ষানুষ্ঠান খনৰ ছাত্ৰ ছাত্ৰী সকলে আনন্দৰ উৎসাহৰ মাজতে সুৱঁৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক।সকলো ছাত্ৰ-ছাত্ৰীয়েপৰিবেশন কৰিলে জুবিনৰ কালজয়ী গীত ‘মায়াবিনী ৰাতি’।আনহাতে ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমীৰ পৰা পদাৰ্থ বিজ্ঞান
বিষয়ত আয়ুধ বৰুৱাই এশ নম্বৰ ভিতৰত এশ নম্বৰ লাভ কৰাৰ লগতে মনোবিজ্ঞান বিষয়ত হৰ্ষজিত দুৱৰাই ১০০ নম্বৰ আৰু অৰ্থনীতি বিষয়ত অৰ্থৱ দুৱৰাই ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে সামগ্ৰীক ভাৱে শিক্ষানুষ্ঠান খনৰ উন্নত ফলাফল লাভ কৰা দেখা যায়।

ইপিনে ডিব্ৰুগড় জিলাত কলা শাখাত ৮০০১ জন পৰীক্ষাত অৱতীৰ্ণ হৈছিল।ইয়াৰে ২০৯১ জনে প্ৰথম বিভাগত, ২৭০৩ জন দ্বিতীয় আৰু ১৯৭০ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। মুঠ ৬৭৬৪ জনে পৰীক্ষাত উত্তীৰ্ণ হৈছে।জিলা খনত কলা শাখাত উত্তীৰ্ণ হাৰ ৮৪:৫৪ শতাংশ।

বানিজ‍্য শাখাত ১২৪৫ জনে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।ইয়াৰে ৫৬৫ জনে প্ৰথম বিভাগত, ৩০৩ জন দ্বিতীয় আৰু ১০২ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। মুঠ উত্তীৰ্ণ সংখ‍্যা ৯৭০ জন আৰু উত্তীৰ্ণ হাৰ ৭৭:৯১ শতাংশ।

বিজ্ঞান শাখাত ২৬৫০ জনে অৱতীৰ্ণ হৈছিল।ইয়াৰে ১২৯৩ জনে প্ৰথম বিভাগত, ১০০৫ জনে দ্বিতীয় আৰু ১৪৪ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়।বিজ্ঞান শাখাত মুঠ ২৪৪২ জন উত্তীৰ্ণ হয়।উত্তীৰ্ণ হাৰ ৮৬:৫৩ শতাংশ।
আনহাতে বৃত্তিমুখী শাখাত জিলা খনত ৩৪ গৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে প্ৰথম বিভাগত ১ গৰাকী, দ্বিতীয় বিভাগত ২৬ গৰাকী আৰু তৃতীয় বিভাগত ৫ গৰাকী। মুঠ ৩২ গৰাকী উত্তীৰ্ণ হাৰ ৯৪:১২ শতাংশ।

Leave a Reply

Your email address will not be published. Required fields are marked *