...

ডিব্ৰুগড়ৰ বিচিপিএলত উদযাপন ৰঙালী বিহু

Spread the love

ডিব্ৰুগড়ৰ বিচিপিএলত উদযাপন ৰঙালী বিহু

ভাতৃত্ববোধৰ এক উজ্জ্বল নিদৰ্শন

চাইন অন ডেস্ক,২৬এপ্ৰিলঃ

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড কৰ্মচাৰী কল্যাণ সমিতিৰ উদ্যোগত বৰবৰুৱাস্থিত বিচিপিএল টাউনশ্বিপত কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক একত্ৰিত কৰি অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ উদযাপনৰ আয়োজন কৰা হয় এক বৃহৎ ৰঙালী বিহু সন্মিলন।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে পৰিচালন সঞ্চালক প্ৰাঞ্জল চাংমাইয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে বিশিষ্ট শিক্ষাবিদ, লোকশিল্পী আৰু নাট্যকাৰ ড° অনিল শইকীয়াই সন্মানীয় অতিথি হিচাপে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।উদযাপনৰ আৰম্ভণিতে পৰম্পৰাগত ৰীতি-নীতিৰে আৰম্ভ হয়।, য’ত আনুষ্ঠানিকভাবে বন্তি প্ৰজ্বলন কৰা হয়, তাৰ পিছত ধাৰাবাহিকভাৱে সাংস্কৃতিক কাৰ্যসূচী আৰু প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হয়।বিহুৱতী প্ৰতিযোগিতা আৰু দুটা গ্ৰুপৰ শিশুৰ বাবে হোৱা বিহু নৃত্য প্ৰতিযোগিতাই দৰ্শক সকলক অধিক উৎসাহী কৰা পৰিলক্ষিত হয়।এই অনুষ্ঠানত বিচিপিএলত কৰ্মৰত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে গৰিষ্ঠ সংখ্যক লোকৰ আন্তৰিক অংশ গ্ৰহণ আছিল লেখত লব লগীয়া।আনহাতে অসমীয়া সংগীত আৰু সংস্কৃতিৰ প্ৰতি জুবিন গাৰ্গৰ অৱদানক স্বীকৃতি দি বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।এই কাৰ্যসূচীয়ে দৰ্শকৰ মাজত এক আৱেগ মিশ্ৰিত পৰিৱেশৰ স্বৃষ্টি কৰে।সন্ধিয়াৰ কাৰ্যসূচীত অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে কৰ্মচাৰী, শিশু আৰু আমন্ত্ৰিত শিল্পীসকলৰ অভিনয়ৰ লগতে বিহু দলসমূহে তেওঁবিলাকৰ বিশেষ পাৰদৰ্শিতাৰে অনুষ্ঠান পৰিৱেশন কৰে।আয়োজকসকলৰ সমন্বিত প্ৰচেষ্টা আৰু সকলো অংশগ্ৰহনকাৰীৰ সহায়-সহযোগৰ জৰিয়তে এই অনুষ্ঠান বাস্তবায়িত হয়।যিয়ে নেকি বিচিপিএলে এক সামগ্ৰিক শক্তিশালী সম্প্ৰদায়বোধক প্ৰতিফলিত কৰিছিল।উক্ত অনুষ্ঠানত জ্যেষ্ঠ বিষয়া আৰু বহু সংখ্যক কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *