...

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন চৌকিডিঙ্গী কেন্দ্ৰীয় ৰঙালী উৎসৱ

Spread the love

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন চৌকিডিঙ্গী কেন্দ্ৰীয় ৰঙালী উৎসৱ

অৰুণ হাজৰিকা,নয়ন নীলিমকে ধৰি একাধিক শিল্পী

চাইন অন ডেস্ক,২৫এপ্ৰিল:

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমখন চৌকিডিঙ্গী কেন্দ্ৰীয় ৰঙালী উৎসৱ৷ আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত হৈছে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী উৎসৱ৷ ব’হাগী ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰি আছুৱে আৰম্ভ কৰিলে প্ৰথম দিনৰ কাৰ্যসূচী৷ জুবিন গাৰ্গৰ প্ৰতিছৱিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰি শুভাৰম্ভ কৰা কেন্দ্ৰীয় ৰঙালী উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ৰাজ্যৰ বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই৷ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গোমাচাৰে জোকাৰি সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই উত্থাপন কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়৷ চলিত বৰ্ষৰ

আছুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱত নিমন্ত্ৰণ জনোৱাৰ কথা আছিল জুবিন গাৰ্গক৷ কিন্তু কোনো দিন আশা নকৰা ঘটনাটোৱেই শোকাহত কৰি তুলিলে প্ৰতিগৰাকী অসমীয়াক৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহৰ অংশগ্ৰহণেৰে বাহিৰ কৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি বিশিষ্ট অৰুণ হাজৰিকাই কয় যে, ‘জুবিন গাৰ্গে উচিত ন্যায় পাবই লাগিব৷ সকলো মানুহৰ মনৰ ভিতৰত জ্বলি পুৰি আছে৷ পানী নসৰকা যিবিলাক কথা কৈ আছে, এইবিলাক আমি দেখি শুনি আছো, কিমান পানী সৰকিছে, কিমান নাই সৰকা৷ কিন্তু সেইবোৰ এতিয়া নহ’ব৷ আমাক উচিত ন্যায় লাগিবই৷’

অন্যহাতে বিগত বৰ্ষৰ দৰে এইবাৰো কেন্দ্ৰীয় ৰঙালী উৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অভিনেতা নয়ন নিলীমে৷ জুবিনৰ অবিহনে ৰাজ্যবাসীয়ে আয়োজন কৰা বিহুৰ সন্মিলনত ৰাইজৰ বিশেষ উছাহ নাই বুলি উল্লেখ কৰি নয়ন নিলীমে কয় যে, ‘এইবাৰ অসমীয়া নৱবৰ্ষটো অলপ বেলেগকৈ আহিছে, আগৰ দৰে অহা নাই৷ মানুহবিলাকৰ মনত সেই আনন্দটো নাই৷ হ’লেও আমি অসমীয়া হিচাপে আমাৰ পৰম্পৰা, কৰ্তব্যখিনি কৰিবই লাগিব৷ প্ৰতিজন অসমীয়াই বিচৰাৰ দৰে মইয়ো জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ৷ অসমীয়া জাতিটো যিমান দিনলৈকে থাকিব, অসমীয়া জাতিটো সিমান দিনলৈকে থাকিব৷ মোৰ জীৱনৰ প্ৰতিখন ছৱিতে জুবিন গাৰ্গৰ গীত আছিল৷’

অন্যহাতে কেন্দ্ৰীয় ৰঙালী উৎসৱৰ উদযাপন সমিতিৰ সভাপতি বিকাশ গগৈয়ে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৰঙালী উৎসৱ সফল ৰূপত সমাপন কৰিব পাৰে, তাৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰে৷ অন্যহাতে জুবিনৰ অবিহনে সমগ্ৰ অসমতে বিহুৰ পৰিৱেশ ম্লান হৈ থকাৰ কথা উল্লেখ কৰে উদযাপন সমিতিৰ সভাপতি বিকাশ গগৈয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *