ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত স্পাই-কেমেৰা ?
ডিব্ৰুগড় সদৰ থানাৰ পৰাই ভাৰ্চুৱেলী আৰম্ভ অমৃতপাল সিঙৰ বিচাৰ প্ৰক্ৰিয়া
চাইন অন ডেস্ক,২৪ এপ্ৰিলঃ
বিপদে লগ নেৰা হৈছে সাংসদ অমৃতপাল সিঙক৷ ইটোৰ পিছত সিটো গোচৰত অভিযুক্ত ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ বিৰুদ্ধে ৰুজু হোৱা আন এটা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে৷ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বন্দীত্বৰ ম্যাদ অন্ত পৰাৰ লগে লগে পঞ্জাৱৰ অজনালা থানা গোচৰত গ্ৰেপ্তাৰ হৈ বৰ্তমান ডিব্ৰুগড় সদৰ থানাত আৰক্ষীৰ জিন্মাত থকা অমৃতপালৰ বিৰুদ্ধে কেন্দ্ৰীয় কাৰাগাৰৰ স্পাই-কেমেৰা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সদৰ থানাৰ পৰাই ভাৰ্চুৱেলী আৰম্ভ হৈছে৷ ২০২৪ চনৰ ১৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় কাৰাগাৰৰ এন এছ এ কোষৰ পৰা কেইবাটাও বৈদ্যুতিন সা-সামগ্ৰী উদ্ধাৰ কৰা হৈছিল৷ অমৃতপাল সিঙসহ ৯ সহযোগীয়ে বন্দী হৈ থকা এন এছ এ কোষৰ পৰা এটা স্পাই-কেমেৰা পেন, চিম কাৰ্ডসহ এটা স্মাৰ্টফোন, এটা কিপেড মোবাইল ফোন, কি-বৰ্ড থকা এটা টিভি ৰিম’ট, পেন ড্ৰাইভ, ব্লুটুথ হেডফোন আৰু স্পীকাৰ তথা এখন স্মাৰ্ট ৱাচ উদ্ধাৰ হৈছিল। আনহাতে এই সামগ্ৰীসমূহ উদ্ধাৰ হোৱাৰ পিছতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নিপেন দাসে ডিব্ৰুগড় আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল। ইফালে আজি দহজন অভিযুক্তক ভিডিঅ’ কনফাৰেন্সিঙত ৰাখি এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ প্ৰথমটো শুনানি আজি ডিব্ৰুগড়ৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ চন্দন শইকীয়াৰ আদালতত সম্পন্ন হয়৷ অমৃতপাল সিঙে ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ পৰাই ভাৰ্চুৱেলী আদালতত হাজিৰ হোৱাৰ বিপৰীতে তেওঁৰ ৯ জন সহযোগী— পাপলপ্ৰীত সিং, দলজিৎ সিং কালচি, কুলৱন্ত সিং, ৱাৰিন্দৰ জোহাল, গুৰমীত সিং ভূখনৱালা, খুৰাক
হৰজিৎ সিং, বসন্ত সিং, গুৰিন্দৰ সিং অজলা আৰু ভগৱন্ত সিঙে পঞ্জাৱৰ গোইন্দৱাল, ভাতাণ্ডা আৰু পাটিয়ালাৰ বিভিন্ন কাৰাগাৰৰ পৰা শুনানিত অংশগ্ৰহণ কৰে। বিষয়টোৰ সন্দৰ্ভত অমৃতপাল সিঙৰ অধিবক্তা যশবীৰ কৌৰে জানিবলৈ দি কয় যে, আজি আদালতে পঞ্জাৱৰ গোইন্দৱাল, ভাতাণ্ডা আৰু পাটিয়ালা কাৰাগাৰৰ পৰা ভাৰ্চুৱেলী বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হয়। অমৃতপালকো থানাৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আদালতত হাজিৰ কৰোৱা হয়। আজি দুজন সাক্ষী হাজিৰ কৰোৱা হৈছিল। ইয়াৰে পূৰ্বে এজন সাক্ষী হাজিৰ কৰোৱা হৈছিল। এতিয়ালৈকে আমি তিনিজন সাক্ষীক জেৰা কৰিছোঁ। অধিবক্তা কৌৰে লগতে কয় যে অমৃতপাল সিঙে শনিবাৰলৈকে ডিব্ৰুগড় আৰক্ষী থানাত থাকিব আৰু তাৰ পিছত তেওঁক পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হ’ব। অজনালা আৰক্ষী থানাৰ আক্ৰমণৰ গোচৰৰ বিচাৰো ডিব্ৰুগড়ৰ পৰাই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কৰা হ’ব। বৈদ্যুতিন সামগ্ৰী উদ্ধাৰৰ এই গোচৰটোৰ আইনী গুৰুত্ব যথেষ্ট। মূল অভিযোগকাৰী কাৰাগাৰ অধীক্ষক নিপেন দাসক ২০২৪ চনৰ ৮ মাৰ্চত ডিব্ৰুগড় আৰক্ষীয়ে একেটা গোচৰতে গ্ৰপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে ইউ এ পি এ আইনৰ ধাৰা ১৩(১)(বি), অসম কাৰাগাৰ আইনৰ ধাৰা ৭৫ আৰু ভাৰতীয় দণ্ডবিধিৰ ১২০বি (অপৰাধমূলক ষড়যন্ত্ৰ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। বৰ্তমান দহজন এন এছ এ বন্দীৰ ভিতৰত কেৱল অমৃতপাল
সিঙহে ডিব্ৰুগড়ত আছে। তেওঁৰ ৯ জন সহযোগীক যোৱা বছৰ দুই বছৰীয়া এন এছ এৰ ম্যাদ শেষ হোৱাৰ পিছত পঞ্জাৱলৈ হস্তান্তৰ কৰা হৈছিল আৰু বৰ্তমান তেওঁলোকে পঞ্জাৱতে বিচাৰৰ মুখামুখী হৈছে। অমৃতপালৰ এন এছ এৰ ম্যাদ অতিৰিক্ত এবছৰৰ বাবে বৃদ্ধি কৰা হৈছিল৷ কিন্তু ২২ এপ্ৰিলৰ মাজনিশা অন্ত পৰিছিল অমৃতপাল সিঙৰ এন এছ এৰ অধীনত বন্দীত্বৰ ম্যাদ। ইয়াৰ পিছতে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ অজনলা আৰক্ষী থানা আক্ৰমণৰ গোচৰত পঞ্জাৱ আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা তেওঁক পুনৰ গ্ৰপ্তাৰ কৰি দুদিনৰ
আৰক্ষী জিম্মাত গ্ৰহণ কৰে৷ অজনালা গোচৰটোত অমৃতপালকে ধৰি ৪১ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। এই গোচৰটোত অমৃতসৰৰ উপকন্ঠ অঞ্চলত থকা অজনালা আৰক্ষী থানাত প্ৰৱেশ কৰি এজন সহযোগীক মুক্ত কৰিবলৈ আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ অভিযোগ আছে। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে এই গোচৰৰ সকলো কাৰ্যক্ৰম ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কৰিবলৈ অনুমতি দিছে, যাৰ ফলত অমৃতপালে বিচাৰৰ সময়ত ডিব্ৰুগড়তে থাকিব পাৰিব। এই দুটা গোচৰৰ উপৰিও অমৃতসৰ (গ্ৰাম্য), জলন্ধৰ আৰু মোগাত অমৃতপাল আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে কমেও ১২ খন এজাহাৰ অমীমাংসিত হৈ আছে। ২০২৪ চনৰ ৯ অক্টোবৰত কোটকাপুৰাত গুলীয়াই হত্যা কৰা ছ’চিয়েল মিডিয়া ইনফুৱেঞ্চাৰ গুৰপ্ৰীত সিং ওৰফে হৰি নৌৰ হত্যাকাণ্ডৰো তেওঁ এজন মুখ্য ষড়যন্ত্ৰকাৰী বুলি অভিযোগ উত্থাপন হৈছে।