ঢকুৱাখনাৰ ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী কলেজত চুৰি
চোৰে লুটিলে কম্পিউটাৰ, লেপটপ গুৰুত্বপূৰ্ণ নথি-পত্ৰ
ঢকুৱাখনা:

সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত।কলেজখনত নিশা চোৰে চলাই চাফাই অভিযান।বৃহস্পতিবাৰে নিশা চোৰে
কলেজখনৰ অধ্যক্ষৰ কোঠাৰ মূল দুৱাৰৰ তলা ভাঙি কম্পিউটাৰ, লেপটপৰ লগতে দহটাতকৈও অধিক মূল্যৱান সা-সামগ্রী, ফাইল-পত্র আদি লৈ যায়।আনকি চোৰে অধ্যক্ষৰ কোঠাত থকা গডৰেজৰ
তলা ভাঙি সকলো গুৰুত্বপূৰ্ণ ফাইল,নথি-পত্র উলিয়াই লণ্ডভণ্ড কৰাৰ লগতে বুকচেল্ফৰ তলা ভাঙিও কিতাপ পত্ৰ লণ্ডভণ্ড কৰি থৈ যায় বুলি জনায় কলেজখনৰ অধ্যক্ষ ড° বিশ্বেশ্বৰ পাতিৰে।

অধ্যক্ষগৰাকীয়ে।বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ একমাত্ৰ উচ্চশিক্ষা প্ৰতিষ্ঠানখন বৰ্তমান অপ্ৰাদেশীকৃত অৱস্থাত আছে যদিও অসম চৰকাৰৰ শেহতীয়া প্ৰাদেশিকৰণ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হোৱাৰ সময়তে এনেদৰে নথি-পত্ৰ চুৰি হোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে। কলেজ কৰ্তপক্ষই চুৰিকাণ্ডৰ উচিত তদন্ত কৰি
দোষীক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীক দাবী জনাইছে।