ঘিলামৰাৰ কান্ত খনিকৰ হাইস্কুলত বঁটা প্ৰদান অনুষ্ঠান
মেধাৱী ছাত্ৰ তণদ্বীপ ভৰালীলৈ পদ্মাৱতী সূত সোঁৱৰণী মেধাৱী সন্মান ২০২৬
ঢকুৱাখনা:

ঘিলামৰা শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি গঠন হোৱা “চেনীৰাম সূত- পদ্মাৱতী সূত স্মাৰক ন্যাস”ৰ সৌজন্যত আজি ঘিলামৰাৰ কান্ত খনিকৰ হাইস্কুলত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হয় পদ্মাৱতী সূত সোঁৱৰণী মেধাৱী সন্মান ২০২৬। কান্ত খনিকৰ হাইস্কুলৰ প্ৰধান শিক্ষক ভাস্কৰজিত চেতিয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ঘিলামৰা শিক্ষা খণ্ডৰ ভিতৰত ২০২৬ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা তণদ্বীপ ভৰালীক পদ্মাৱতী সূত সোঁৱৰণী মেধাৱী সন্মান ২০২৬ প্ৰদান কৰে।ন্যাসৰ অন্যতম সদস্য প্ৰয়াত পদ্মাৱতী সূতৰ কণ্যা তথা মৰাণ মহাবিদ্যালয়ৰ অধ্যাপিকা ড° ৰিঞ্জুমণি হাজৰিকাই আঁতধৰা অনষ্ঠানত ঘিলামৰা শিক্ষা খণ্ডৰ ভিতৰত ৯০.৫ শতাংশ নম্বৰেৰে শীৰ্ষ স্থান অধিকাৰ কৰা তণদ্বীপ ভৰালীক পদ্মাৱতী সূত সোঁৱৰণী মেধাৱী সন্মান ২০২৬ প্ৰদান কৰা হয়।ন্যাসৰ হৈ মেধাৱী ছাত্ৰজনক ফুলাম গামোছা, ফুলৰ থোপা,


মেধাবী ছাত্ৰ-ছাত্ৰীক উৎসাহ প্ৰদান আৰু ঘিলামৰাৰ শৈক্ষিক ক্ষেত্ৰখনৰ পৰিৱেশ উন্নত কৰাৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে প্ৰদান কৰা এই শৈক্ষিক বঁটা প্ৰতি বছৰে প্ৰদান কৰা হ’ব বুলি ন্যাসৰ তৰফৰ পৰা জানিবলৈ দিয়ে।