...

ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

Spread the love

ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

বিৰোধীয়ে নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক বিৰোধিতা কৰি দেশৰ নাৰী সমাজক অপমান কৰিলে

চাইন অন ডেস্ক:

‘কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দলসমূহে নাৰীশক্তি বন্দন সংশোধনী বিধেয়ক ২০২৬ৰ বিৰোধিতা কৰি দেশৰ নাৰী সমাজক অপমান কৰিলে৷’ সংসদত ৩৩ শতাংশ মহিলা সংৰক্ষণ বিধেয়ক বাতিল হোৱাৰ পাছতে ডিব্ৰুগড়ত বিৰোধী দলসমূহৰ বিৰুদ্ধে এনেদৰে গৰজি উঠিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ আজি ডিব্ৰুগড়ৰ বিজেপি মাণ্ডলিক কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইণ্ডিয়া মিত্ৰজোঁটে নাৰীশক্তি বন্দন সংশোধনী বিধেয়ক-২০২৬ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতিক তীব্ৰ গৰিহনা দি কয়, মহিলাৰ তেত্ৰিশ শতাংশ আসন সংৰক্ষণ কৰা বিলৰ বিৰোধিতা কৰা শক্তিসমূহৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ অব্যাহত আছে। এই কাৰ্যসূচীৰ জৰিয়তে আমি স্পষ্টভাৱে জনাব বিচাৰোঁ যে মহিলাসকলৰ প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নহ’ব। আজিৰ এই সভাৰ মূল বিষয় হৈছে নাৰী শক্তি বন্দন অধিনিয়মৰ প্ৰসংগ। শেহতীয়াকৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা এই বিধেয়ক সংসদত উপস্থাপন কৰা হৈছিল, যাৰ উদ্দেশ্য আছিল মহিলাসকলক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ আৰু সন্মান প্ৰদান কৰা। আমি আশা কৰিছিলোঁ যে দেশৰ সকলো ৰাজনৈতিক দলে এই ক্ষেত্ৰত ইতিবাচক সঁহাৰি জনাব। কাৰণ ই হৈছে মহিলাসকলৰ প্ৰাপ্য অধিকাৰৰ বিষয়। দেশৰ উন্নয়নত মহিলা আৰু পুৰুষে সমানভাৱে অংশগ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। কিন্তু দুখৰ বিষয় যে কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দলসমূহে এই বিধেয়কৰ বিৰোধিতা কৰি দেশৰ নাৰী সমাজক অপমান কৰিলে। আজি দেশৰ জনসংখ্যাৰ প্ৰায় ৫০% মহিলা হোৱাৰ পাছতো সংসদ আৰু বিধানসভাত তেওঁলোকৰ প্ৰতিনিধিত্ব মাত্ৰ ১৫-১৬%। এইটো স্পষ্টভাৱে অন্যায়। একেটা প্ৰসংগত কংগ্ৰেছৰ লগতে ইণ্ডিয়া মিত্ৰজোঁটক তীব্ৰ সমালোচনা কৰি সোণোৱালে কয় যে, যোৱা কেইবাটাও দশক ধৰি কংগ্ৰেছে দেশ শাসন কৰাৰ পাছতো মহিলাসকলৰ বাবে এনে গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব নোৱাৰিলে। আনহাতে, বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে সদায় মহিলাসকলৰ সশক্তিকৰণৰ বাবে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বেটি বচাও বেটি পঢ়াও, জনধন যোজনা, উজ্বলা, স্বচ্ছ ভাৰত আদি বিভিন্ন আঁচনিৰ জৰিয়তে মহিলাসকলক সামাজিক আৰু আৰ্থিকভাৱে শক্তিশালী কৰা হৈছে। আমি মহিলাৰ দ্বাৰা সঞ্চালিত উন্নয়নত বিশ্বাস কৰোঁ অৰ্থাৎ মহিলাই বিভিন্ন দিশত নেতৃত্ব লোৱা উন্নয়নেই দেশক আগুৱাই নিব। মহিলাসকল কেৱল সুবিধাভোগী নহয়, তেওঁলোকে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা ল’ব লাগিব। সেয়ে আজিৰ এই সভাৰ জৰিয়তে আমি স্পষ্টকৈ ক’ব বিচাৰোঁ যে যিবোৰ দলে মহিলাসকলৰ অধিকাৰৰ বিৰোধিতা কৰিছে, তেওঁলোকক দেশৰ মহিলা সমাজে নিশ্চিতভাৱে উপযুক্ত উত্তৰ দিব। আজিৰ সংবাদমেলত ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি দুলাল বৰা, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী মামুন গগৈ মিত্ৰ, জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলী সোনোৱালকে ধৰি ভালেসংখ্যক মহিলা বিজেপিৰ নেত্ৰীয়ে উপস্থিত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *