...

ধুবুৰীৰ বালাজানত অসমীয়াৰ স্বাভিমানক আঘাত

Spread the love

ধুবুৰীৰ বালাজানত অসমীয়াৰ স্বাভিমানক আঘাত

 

ৰঙালী বিহু মঞ্চৰ কাপোৰ খুলি অগ্নিসংযোগ দূৰ্বৃত্তৰ
দোষীক কৰায়ত্ত কৰাৰ ২৪ ঘন্টাৰ সময়সীমা বিহু কমিটিৰ
ধুবুৰী:

ধুবুৰী জিলাৰ বালাজানত অসমীয়াৰ স্বাভিমানক আঘাত দুষ্কৃতিকাৰীৰ। যোৱা নিশা কোনো নথকাৰ সুযোগ লৈ অসমীয়াৰ জাতীয় উৎসব বহাগ বিহু উদযাপিত কৰিবলৈ নিৰ্মাণ কৰা মঞ্চৰ 
পোৰ খুলি অগ্নিসংযোগ কৰে দূৰ্বৃত্তই। আজি পুৱা বিহু কমিটিখনৰ বিষয়-ববীয়াসকলে সেয়া প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে। উল্লেখ্য যে, বিগত বছৰবোৰৰ দৰে 
আজিৰ পৰা দুই দিনীয়া কাৰ্যসূচীৰে আয়োজিত কৰা হৈছিল বৃহত্তৰ বালাজান অঞ্চলৰ ৰাইজৰ সমাদৃত ৰঙালী বিহুৰ সেই বিশেষ কাৰ্যসূচীৰ। অৱশ্যে,
ইতিমধ্যে মঞ্চৰ পুনৰ নিৰ্মাণ কৰি থকা হোৱা বুলি সদৰি কৰিছে আয়োজক গোষ্ঠীয়ে। ইপিনে পূৰ্বে কেতিয়াও সংঘটিত নোহোৱা এই ঘটনাই তীব্ৰ
প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত। আনহাতে, বিহুথলীখনৰ পৰা মাথো ১শ মিটাৰ মানৰ দূৰত্বত বালাজান আৰক্ষী চকী থকা স্বত্বেও কিদৰে বিহু
মঞ্চৰ কাপোৰ খুলি দূৰ্বৃত্তই অগ্নিসংযোগ কৰিবলৈ সক্ষম হ'ল সেই প্ৰশ্ন উত্থাপিত হোৱাৰ সমান্তৰালকৈ সেই ঘটনাৰ সৈতে জড়িত সকলক ২৪ ঘন্টাৰ
ভিতৰত কৰায়ত্ত কৰাৰ সময় বান্ধি দিছে বিহু কমিটিখনে। ইতিমধ্যে, আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *