...

১০ দিনে নিৰুদ্দিষ্ট নির্বাচনী বিষয়াৰ মৃতদেহ অটব্য অৰণ্যত উদ্ধাৰ!

Spread the love

১০ দিনে নিৰুদ্দিষ্ট নির্বাচনী বিষয়াৰ মৃতদেহ অটব্য অৰণ্যত উদ্ধাৰ!

ভোটগ্রহণৰ দিনাই দুপৰীয়া হৈছিল নিখোজ

চাইন অন ডেস্ক:

কাজিৰঙাৰ দক্ষিণ দিশে থকা কাৰ্বি আংলঙৰ ৰংৱংবে থানা এলেকাৰ পৰা নিৰ্বাচনী বিষয়া নিৰুদ্দেশ হোৱাৰ ১০ দিন অতিবাহিত হোৱাৰ পিছত অটব্য অৰণ্যৰ মাজত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উক্ত থানা এলেকাৰ টিম হেম নামে ঠাইত নিৰুদ্দেশ হোৱা নিৰ্বাচনী বিষয়া কর্নেলিয়াছ কিণ্ডুৰ (৪৯) মৃতদেহটো উদ্ধাৰ হয়। শনিবাৰে স্থানীয় লোকে পাহাৰলৈ যাওঁতে অৰণ্যৰ মাজত সন্ধানহীন নির্বাচনী বিষয়াজনৰ মৃতদেহ উলংগ অৱস্থাত প্রত্যক্ষ কৰে। স্থানীয় ৰাইজে এই কথা আৰক্ষীক অৱগত কৰাৰ পিছত ৰংবংবে থানাৰ আৰক্ষীয়ে দুর্গম এলেকাত উপস্থিত হৈ নিশাৰ ভাগত নির্বাচনী বিষয়াজনৰ মৃতদেহ উদ্ধাৰ কৰি থানালৈ আনে। উল্লেখ্য যে নিৰ্বাচনৰ ভোটগ্রহণৰ দিনাৰ পৰাই বিষয়াজন নিৰুদ্দেশ হৈ আছিল। কর্নেলিয়াছ কিণ্ডুৰ নামৰ তৃতীয় প’লিং বিষয়াজনৰ কোনো সন্ধান আৰক্ষীয়ে পোৱা নাছিল। উল্লেখ্য যে উক্ত থানাৰ অধীনত চাৰপ’ কাথাৰ প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰৰ পৰা ভোটগ্রহণ চলি থকা অৱস্থাত দিনৰ প্ৰায় ১২ বজাত নিরুদ্দেশ হৈছিল ডিফু ধনশিৰি বজাৰ নিৱাসী তথা কঁঠালগুৰি নেপালীবস্তি প্রাথমিক বিদ্যালয়ত টেট শিক্ষক হিচাপে কৰ্মৰত কর্নেলিয়াছ। ইয়াৰ পিছতো একাধিক স্থানত সন্ধানৰ বাবে অভিযান চলোৱা হৈছিল তথা ড্র’নৰ সহায়ো লোৱা হৈছিল, কিন্তু দুর্ভাগ্যজনকভাৱে কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাছিল আৰক্ষী। কিন্তু ভোটগ্রহণ কেন্দ্ৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত অটব্য অৰণ্য তথা দুর্গম এলেকাত সম্পূর্ণ উলংগ অৱস্থাত নির্বাচনী বিষয়াজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *