...

সংবিধানপ্রদত্ত ‘জীৱনৰ অধিকাৰ’ক লৈ কঠোৰ উচ্চতম ন্যায়ালয়

Spread the love

সংবিধানপ্রদত্ত ‘জীৱনৰ অধিকাৰ’ক লৈ কঠোৰ উচ্চতম ন্যায়ালয়

হাইৱে’ৰ কাষৰ ধাবা-নিৰ্মাণকাৰ্য উচ্ছেদৰ নিৰ্দেশ

৬০ দিনৰ ভিতৰত ব্যৱস্থা গ্রহণ কৰিব লাগিব জিলা দণ্ডাধীশে

অবৈধভাৱে গাড়ী ৰখাই থোৱাৰ ফলত দুৰ্ঘটনাত এজনৰো মৃত্যু নোহোৱাটো নিশ্চিত কৰিব লাগিব

চাইন অন ডেস্ক:

পথ সুৰক্ষাক লৈ উচ্চতম ন্যায়ালয়ে সমগ্র দেশতে এক নতুন নিয়ম বান্ধি দিছে। নির্ধাৰিত কিছুমান ঠাইৰ বাহিৰে এক্সপ্ৰেছরে’-হাইৱে’ত গধুৰ যান-বাহনসমূহৰ পার্কিং এতিয়াৰ পৰা নিষিদ্ধ কৰা হৈছে। দুর্ঘটনা ৰোধ আৰু মানুহৰ জীৱনৰ সুৰক্ষাৰ লক্ষ্যৰে এই নিয়ম বান্ধি দিয়া হৈছে। ৬০ দিনৰ ভিতৰত সংশ্লিষ্ট কর্তৃপক্ষই এই নির্দেশনা বলৱৎ কৰিব লাগিব। ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ আশে-পাশে নতুন বাণিজ্যিক গাঁথনি নিৰ্মাণৰ ক্ষেত্রতো বাধা-নিষেধআৰোপ কৰা হৈছে। প্রশাসনিক গাফিলতি আৰু গাঁথনিগত বিসংগতিৰ বাবে এই পথসমূহ দুর্ঘটনাৰ কৰিড’ৰ শৈ নগৰক বুলিয়েই উচ্চতম ন্যায়ালয়ে এনে পথসমূহৰ ওপৰত গধুৰ যান-বাহনৰ পার্কিঙৰ ক্ষেত্ৰত নিষেধাজ্ঞ আৰোপ কৰাকে ধৰি পথ সুৰক্ষা বৃদ্ধি কৰাৰ বাবে সমগ্র দেশতে এলানি নির্দেশনা জাৰি কৰিছে। ন্যায়াধীশ জে কে মহেশ্বৰী আৰু এ এছ চন্দুৰকৰৰ এখন বিচাৰপীঠে আঙুলিয়াই দিয়ে যে দেশৰ পথসমূহৰ সামগ্রিক দৈৰ্ঘ্যৰ মাত্র ২ শতাংশকহে সামৰি লয় ৰাষ্ট্ৰীয় ঘাইপথসমূহে। কিন্তু সকলোবোৰ পথ দুৰ্ঘটনাৰ ভিতৰত প্রায় ৩০ শতাংশই সংঘটিত হয় এই ঘাইপথসমূহত। বিচাৰপীঠখনে পথ আৰু পৰিবহণ মন্ত্রালয়, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এনএইচএআই) আৰু ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহক পথসমূহ সুৰক্ষিত কৰাৰ বাবে নির্দেশ দিয়ে ৰাষ্ট্ৰৰ সুৰক্ষা ব্যৱস্থাৰ ব্যৰ্থতাকে প্রতিফলিত কৰি অবৈধ পার্কিং বা ব্লেক স্পট্ ইত্যাদিৰ দৰে এৰাই চলিব পৰা বিপদসমূহৰ মাজত যাতে এটাও জীৱনৰ হানি হ’বলগীয়া নহয় সেৱা নিশ্চিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই নির্দেশনা জাৰি কৰিছে শীর্ষ ন্যায়ালয়খনে। শীর্ষ ন্যায়ালয়খনে অলপতে ইয়াৰ এক নির্দেশত কয়, ‘অবৈধ পার্কিং বা ব্লেক স্পট্সমূহকে ধৰি এৰাই চলিব পৰা বিপদসমূহত এটাও জীৱন হানি হোৱাটো ৰাষ্ট্ৰৰ সুৰক্ষামূলক ব্যৱস্থাৰ ব্যৰ্থতাকে সূচায়। ভাৰতীয় সংবিধানৰ ২১ অনুচ্ছেদৰ অধীনত ব্যৱস্থা ৰখা ‘জীৱনৰ অধিকাৰ’-এ নীতি-বহির্ভূত জীৱন হানিৰ বিৰুদ্ধেই কেৱল নিশ্চয়তা দিয়া নাই, তাৰ লগতে মানুহৰ জীৱনক সুৰক্ষিত কৰা আৰু মূল্যবান কৰি তোলা এক সুৰক্ষাৰ পৰিৱেশ নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰলৈ এক ইতিবাচক নির্দেশনা দিছে।’ পদ্ধতি সম্পর্কীয় অৱহেলা আৰু বিপজ্জনক আন্তঃগাঁথনিৰ বাবে যোৱা ২০২৫ বৰ্ষৰ ২ আৰু ৩ নৱেম্বৰত ৰাজস্থানৰ ফলাদৈ আৰু তেলেংগানাৰ ৰংগাৰেড্ডীত হোৱা পথ দুৰ্ঘটনাত ৩৪জন লোকৰ মৃত্যু হোৱাৰ পিছত শীর্ষ ন্যায়ালয়খনে এক নিজাববীয়া গোচৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশ দিছিল। বিচাৰপীঠখনে কয় যে বিত্তীয় বা প্রশাসনিক সীমাবদ্ধতাই মানুহৰ জীৱনৰ পৱিত্ৰতাক অৱমূল্যায়ন কৰিব নোৱাৰে আৰু ইয়াত আগবঢ়োৱা কঠোৰ সময়সীমাই এই সাংবিধানিক দায়বদ্ধতাৰ জৰুৰী প্রয়োজনীয়তাকে প্রতিফলিত কৰে। বিচাৰপীঠখনে লগতে নির্দেশ দিয়ে যে কোনো গধুৰ বা বাণিজ্যিক বাহন নিৰ্ধাৰিত ঠাইৰ বাহিৰে কোনো ৰাষ্ট্ৰীয় ঘাইপথ বা কাষৰীয়া ঠাইত পাৰ্ক কৰিব বা ৰাখিব নোৱাৰিব। ৰাজ্যিক আৰক্ষীলৈ এটিএমএছ ৰিয়েল টাইম এলার্ট, জিপিএছ আৰু সংহত ই-চালান কটাৰ দৰে আধুনিক যান-বাহন ব্যৱস্থাপনা পদ্ধতিৰ জৰিয়তে প্ৰভাৱিত হোৱাকৈ এই নির্দেশনা বলবৎ কৰিব লাগিব বুলি ইয়াত কোৱা হয়। নির্দেশনাটোত কোৱা হৈছে, ‘এই নির্দেশনাসমূহ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাজ্যিক আৰক্ষী, ৰাজ্যিক পৰিবহণ বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ দ্বাৰা কাৰ্যকৰী কৰিব লাগিব। এই আটাইবোৰ কর্তৃপক্ষৰ দ্বাৰা সময়ে সময়ে কৰা পৰিদৰ্শন আৰু টহল সন্দৰ্ভত সংশ্লিষ্ট জিলাসমূহৰ জিলা দণ্ডাধীশে মানসম্পন্ন কাৰ্যকৰীকৰণ প্ৰক্ৰিয়া এটা এই উদ্দেশ্যত গঠন কৰিব লাগিব। এই নির্দেশৰ দিনাৰে পৰা ৬০ দিনৰ ভিতৰত নির্দেশনাৱলী কার্যকৰী কৰিব লাগিব।’ ৰাষ্ট্ৰীয় ঘাইপথৰ অধীনস্থ এলেকাৰ ভিতৰত (ৰাইট অৱ বে’) যিকোনো ধাবা, ভোজনালয় বা বাণিজ্যিক গাঁথনিৰ নিৰ্মাণ অথবা কাম-কাজ চলোৱাৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাধা-নিষেধ আৰোপ কৰাটোৱো গুৰুত্বপূৰ্ণ নির্দেশনাৱলীৰ ভিতৰত অন্যতম। বিচাৰপীঠখনে নির্দেশ দিয়ে- ‘চিএনএইচ আইনৰ নিয়ম আৰু ২০২৫ বৰ্ষৰ ২৭ আগষ্টৰ এছঅ’পি অনুসৰি ৬০ দিনৰ ভিতৰত জিলা দণ্ডাধীশসকলে সকলো নতুন বা আগৰ পৰাই থকা অকর্তৃত্বশীল গাঁথনিসমূহ উচ্ছেদৰ কাম সম্পাদন কৰিব লাগিব।’ ইয়াত কোৱা হয় যে এনএইচএআই-পিডব্লিউডিৰ আগতীয়া অনুমোদন অবিহনে ঘাইপথৰ সুৰক্ষা মণ্ডলৰ ভিতৰৰ যিকোনো স্থানৰ বাবে যিকোনো অনুজ্ঞাপত্র, আপত্তিবিহীনতাৰ প্ৰমাণ-পত্র (এনঅ’চি) বা বাণিজ্যৰ অনুমতি কোনো বিভাগ, কর্তৃপক্ষ বা স্থানীয় নিকায়ে প্রদান আৰু নৱীকৰণ কৰিব নোৱাৰিব। তদুপৰি বৰ্তমানৰ অনুজ্ঞাপত্ৰ পুনৰীক্ষণ কৰিবলৈ এমাহৰ সময় দিয়া হৈছে। বিচাৰপীঠখনে আৰু নির্দেশ দিয়ে- ‘যিবোৰ জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে, তেনে প্ৰতিখন জিলাৰে দণ্ডাধীশসকলে এই নির্দেশৰ ১৫ দিনৰ ভিতৰত দেশৰ সকলো জিলাতে জিলা প্রশাসন, আৰক্ষী, এনএইচএআই (বা সংশ্লিষ্ট ভূমিৰ অধিকাৰী অভিকৰণ) , পিডব্লিউডি আৰু স্থানীয় নিকায়সমূহৰ বিষয়াসকলক লৈ এটা জিলা ঘাইপথ সুৰক্ষা কৰ্মী বাহিনী গঠন কৰিব লাগিব।’ একেদৰে এটিএমএছযুক্ত কেমেৰা, স্পীড ডিটেক্টৰ, ইমার্জেঞ্চী ৰেছপনছ আৰু পথৰ কাষৰ সুবিধা, ট্রাক ৰখোৱাৰ সুবিধা নির্মাণ, দুর্ঘটনাৰ ব্লেক স্পট্ আৰু লাইটিং তথা প্রতিষ্ঠানিক সমন্বয়, ৰিপ’র্টিং আৰু পথ সুৰক্ষা সমিতি আদিৰ দৰে আধুনিক যান-বাহন ব্যৱস্থাপনা পদ্ধতিৰ কাৰ্যকৰীকৰণেৰে ৰাষ্ট্ৰীয় ঘাইপথসমূহত নিবীক্ষণ, টহলদাৰী ব্যৱস্থা আৰু অবৈধ পার্কিং নিৰীক্ষণ কৰাৰো নির্দেশ দিয়ে। এই নির্দেশ আপলোড কৰাৰ ৭৫ দিনৰ ভিতৰত বিভিন্ন ৰাজ্য আৰু অভিকৰণসমূহৰ পৰা ডাটা বিচৰাৰ পিছত এখন সম্পাদন প্রতিবেদন এই ন্যায়ালয়ত দাখিল কৰিবলৈও নির্দেশ দিছে। সংশ্লিষ্ট কর্তৃপক্ষসমূহে এই ন্যায়ালয়ৰ নিৰ্দেশনাসমূহ পালন কৰাৰ উদ্দেশ্যে সকলো ভাগীদাৰৰ সৈতে সমন্বয় গঢ়া আৰু তেওঁলোকক সুবিধা দিয়াৰ বাবে যথাযথ পদক্ষেপ গ্রহণ কৰিব পাৰে। ইয়াত লগতে এইটোও স্পষ্ট কৰি দিয়া হৈছে যে এইবোৰ কৰাৰ ক্ষেত্ৰত কিবা বিষয় উত্থাপিত হ’লে কর্তৃপক্ষসমূহ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ স্বাধীনতা আছে।যোৱা বছৰৰ ১৫ জানুৱাৰীত শীর্ষ ন্যায়ালয়খনে এক্সপ্রেছ বে’ আৰু ৰাষ্ট্ৰীয় ঘাইপথসমূহত পথ দুর্ঘটনা ৰোধ কৰিবলৈ সমগ্ৰ ভাৰততে পৰামৰ্শাৱলী যুগুত কৰাৰ বাবে চিন্তা-চৰ্চা কৰাৰ কথা প্ৰকাশ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *