ডিব্ৰুগড়ত চি.এছ.এছ. (CSS) ৰ প্ৰশিক্ষণৰত সচিবসকলৰ বগীবিলৰ আই.ডব্লিউ.টি. (IWT) টাৰ্মিনেল পৰিদৰ্শন
চাইন অন ডেস্ক:

বগীবিল আই.ডব্লিউ.টি. টাৰ্মিনেলখন ২ নং ৰাষ্ট্ৰীয় জলপথত (ব্ৰহ্মপুত্ৰ নদী) অৱস্থিত— যি নামনি অসমৰ ধুবুৰীৰ পৰা উজনি অসমৰ শদিয়ালৈ প্ৰায় ৮৯১ কিলোমিটৰ জুৰি বিস্তৃত হৈ আছে আৰু ই ভাৰতৰ অন্যতম কৌশলগতভাৱে গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ জলপথ। কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূব ভাৰতত পথ আৰু ৰে’ল পৰিবহণৰ এক কাৰ্যক্ষম আৰু পৰিৱেশ অনুকূল বিকল্প হিচাপে ২ নং ৰাষ্ট্ৰীয় জলপথক বিকশিত কৰাৰ প্ৰচেষ্টা ক্ষীপ্ৰতৰ কৰি তোলাৰ সময়তে বগীবিল টাৰ্মিনেল এই গুৰুত্বপূৰ্ণ কৰিডৰটোৰ এক প্ৰধান কাৰ্যকৰী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

আই.ডব্লিউ.টি.ৰ এজন জ্যেষ্ঠ বিষয়াই কয়, “আমাৰ দলে বগীবিলৰ আই.ডব্লিউ.টি. আন্তঃগাঁথনিয়ে কেনেকৈ ভাৰতৰ দীৰ্ঘতম ৰে’ল-তথা-পথ দলং বগীবিল দলঙক পৰিপূৰক হিচাপে সহায় কৰিছে, সেই বিষয়ে আলোকপাত কৰিছে। ইয়াৰ দ্বাৰা উজনি অসমক অৰুণাচল প্ৰদেশ আৰু তাৰ বাহিৰৰ অঞ্চলসমূহৰ সৈতে সংযোগ কৰা এক একীকৃত পৰিবহণ কৰিডৰ সৃষ্টি হৈছে। লগতে জলপথৰ জৰিয়তে উত্তৰ-পূবক বাংলাদেশৰ সৈতে সংযোগ কৰা এক বাণিজ্যিক ধমনী হিচাপে ২ নং ৰাষ্ট্ৰীয় জলপথৰ সম্ভাৱনাৰ বিষয়েও ভ্ৰমণৰ সময়ত আলোচনা কৰা হয়।”
এই পৰিদৰ্শন চৰকাৰৰ ‘এক্ট ইষ্ট পলিচি’ আৰু ‘প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন’ৰ সৈতে সংগতি ৰাখি কৰা হৈছে, য’ত আভ্যন্তৰীণ জলপথক এক সুলভ আৰু পৰিৱেশ অনুকূল পৰিবহণ মাধ্যম হিচাপে গুৰুত্ব আৰোপ কৰা হৈছে।
এই অভিজ্ঞতাই আঞ্চলিক উন্নয়ন সম্পৰ্কীয় ভৱিষ্যতৰ নীতিগত সিদ্ধান্ত গ্ৰহণত সহায় কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত অনাগত দিনবোৰত ‘এক্ট ইষ্ট পলিচি’ৰ গতিশীলতা অব্যাহত থকাটো নিশ্চিত হ’ব।