চোতাল পালেহি হেঁপাহৰ ৰঙালী
বিহুলৈ বিহুৱান বোৱাত ব্যস্ত ঢকুৱাখনাৰ শিপিনী
পুলকজ্যোতি বৰা,ঢকুৱাখনা:

বিহু বুলি তাঁতৰ পাতৰ পৰা যেন মূৰ তুলি আলিবাটলৈয়ো চাবলৈ আহৰি নাই একাংশ জীয়ৰী-বোৱাৰীৰ।আগৰ বাৰৰ দৰে এইবাৰো বিহু বুলি শিপিনীসকলে তাঁতশালত লগাইছে মৰমৰ দীঘ আৰু আদৰৰ বাণীৰে বোৱা বিহুৱানখনি।কিয়নো ব’হাগৰ বিহুত জ্যেষ্ঠজনৰ ডিঙিত পুৱাই ন বিহুৱানখন দিয়াৰ আমেজেই কিছু সুকীয়া ৷ আনকি ব’হাগৰ বিহু বুলি চেনাইৰ ঢোলৰ 
গাঁৱতে জীয়ৰী-বোৱাৰীৰ শালত দেখিবলৈ পোৱা যায় অসমীয়াৰ স্বাভিমান গামোচাখন।কিছু গাঁৱৰ শিপিনীয়ে পাহৰা নাই নিজৰ অস্তীত্ব 
জীয়ামৰীয়া গাঁৱৰ এগৰাকী শিপিনীয়ে কয়, ‘‘বছৰৰ বিহুটিৰ বাবে এনেদৰেই পূৰ্বৰে পৰা বিহুৱান বৈ আহিছো । পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা কণিষ্ঠজনলৈ আনকি বিহুৰ সময়ত ঘৰলৈ অহা অতিথিজনকো নিজ হাতে বোৱা এখন বিহুৱান দিবলৈ পালে বহুত সুখ আৰু আনন্দ পাওঁ।” এইদৰে এতিয়া বিহুৰ বতৰত আপোনজনক অথবা জেষ্ঠজনক একোখন ফুলাম গামোচা উপহাৰ দিয়াৰ মানসেৰে চেনেহৰ দীঘেৰে মৰমৰ বানীৰে বিহুৱান তৈয়াৰ কৰাত ব্যস্ত ঢকুৱাখনাৰ শিপিনীসকল।