...

সাধাৰণ পৰ্যবেক্ষক টি.এন. ভেংকটেশ (আই.এ.এচ.)ৰ

Spread the love

সাধাৰণ পৰ্যবেক্ষক টি.এন. ভেংকটেশ (আই.এ.এচ.)ৰ

নিৰ্বাচনী বিষয়াসকলৰ সৈতে নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা

চাইন অন ডেস্ক:

সমাগত অসম বিধানসভা নিৰ্বাচন, ২০২৬ৰ পৰিপ্ৰেক্ষিতত সাধাৰণ পৰ্যবেক্ষক টি.এন. ভেংকটেশে(আই.এ.এচ.), আজি ৮৭ নং চাবুৱা-লাহোৱাল, ৮৮ নং ডিব্ৰুগড় আৰু ৮৯ নং খোৱাং বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া (RO), সহকাৰী ৰিটাৰ্ণিং বিষয়া (ARO), জনেল বিষয়া আৰু চেক্টৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়।

ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত এই বৈঠকখন অনুষ্ঠিত হয়। বৈঠকৰ সময়ত ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বিভিন্ন দিশ যেনে — ভোটগ্ৰহণকাৰী দলৰ মোতায়েন, নিৰ্বাচনী সামগ্ৰীৰ সময়মতে বিতৰণ আৰু সকলো ভোটকেন্দ্ৰত নিশ্চিত নূন্যতম সুবিধা (AMF) প্ৰদানৰ সন্দৰ্ভত বিতং আলোচনা কৰা হয়। মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰসমূহৰ ব্যৱস্থাৱলীৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়, য’ত উপযুক্ত পোহৰৰ ব্যৱস্থা, নিৰাপত্তা, শৌচাগাৰৰ উপলব্ধতা, খোৱাপানী আৰু অন্যান্য অত্যাৱশ্যকীয় সুবিধাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

উক্ত বৈঠকত সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে চেক্টৰ আৰু জনেল বিষয়াসকলৰ সৈতে মত বিনিময় কৰে আৰু নিৰ্বাচনৰ বাবে তেওঁলোকৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ মুক্ত, নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন নিশ্চিত কৰিবলৈ সমন্বয়, কাৰ্যকৰী যোগাযোগ আৰু নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা তথা আদৰ্শ আচৰণ বিধি (MCC) কঠোৰভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দুৰ্গম আৰু নদীপৰীয়া অঞ্চলৰ ভোটকেন্দ্ৰসমূহৰ বাবে কৰা ব্যৱস্থাৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হয়। ইয়াৰে ভিতৰত যাতায়ত, যোগাযোগ, নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী কৰ্মী তথা সামগ্ৰীৰ সময়মতে পৰিবহণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। উক্ত বৈঠকত সকলো সংশ্লিষ্ট বিষয়া উপস্থিত থাকে আৰু সমষ্টিভিত্তিক প্ৰস্তুতিৰ শেহতীয়া তথ্যসমূহ দাঙি ধৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *