“কংগ্ৰেছ দলে দীৰ্ঘদিন ধৰি অসমৰ জনতাক ভ্ৰান্ত প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু বাস্তৱত উন্নয়ন আৰু সু-শাসনৰ ক্ষেত্ৰত ব্যৰ্থতাৰ ইতিহাসহে এৰি গৈছে”: সৰ্বানন্দ সোণোৱাল
কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে নির্বাচনী অভিযান তীব্ৰতৰ কৰি নাহৰকটীয়া আৰু শদিয়াত ব্যাপক প্ৰচাৰ চলায়
“সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস এই নীতিৰে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে খেতিয়ক, মহিলা, যুৱপ্ৰজন্ম আৰু দৰিদ্ৰ — এই চাৰিটা মূল স্তম্ভক শক্তিশালী কৰিছে”: সোণোৱাল
চাইন অন ডেস্ক:
২ এপ্ৰিল ২০২৬, নাহৰকটীয়া আৰু শদিয়া: কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি আজি নাহৰকটীয়াৰ মাহমৰা আৰু কমাৰগাঁৱত বিজেপিৰ প্ৰাৰ্থী তৰংগ গগৈৰ সমৰ্থনত আৰু শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডাঙৰীত
বলীন চেতিয়াৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলায় |কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি কয়, “নাহৰকটীয়াৰ মাহমৰা আৰু কমাৰগাঁও অঞ্চলত আজি এনডিএ সমর্থিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তৰংগ গগৈৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ অকুণ্ঠ সমর্থন, সঁহাৰি দেখি সুনিশ্চিত হৈছোঁ– নাহৰকটীয়াত বিজেপি মিত্ৰজোঁট এইবাৰো অপ্ৰতিৰোধ্য| নাহৰকটীয়াৰ জনসাধাৰণৰ উছাহ আৰু মৰম সঁচাকৈয়ে অতুলনীয়| সৰ্বস্তৰৰ ৰাইজৰ এনডিএ-ৰ প্ৰতি থকা গভীৰ আস্থা-বিশ্বাসে শান্তি, ঐক্য আৰু সমৃদ্ধিৰ অনিৰুদ্ধ যাত্ৰাক এক নতুন দিগন্তত উপনীত
কৰাব
“
জনতাৰ আশীৰ্বাদেই আমাৰ প্ৰেৰণা| আজি শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডাঙৰীত অনুষ্ঠিত নির্বাচনী সভাত এনডিএ সমর্থিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী শ্ৰী বলীন চেতিয়াৰ সমৰ্থনত ৰাইজৰ নিভাঁজ মৰম, স্নেহ আৰু উষ্ম সমর্থন পাই উদ্বুদ্ধ হ’লোঁ। ঐতিহ্যমণ্ডিত শদিয়া সমষ্টিৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে ৰাইজে বিপুল সঁহাৰিৰে তেখেতক বিজয়ী কৰোৱাৰ দৃঢ় সংকল্প লৈছে। জনতা জনার্দনৰ অকুণ্ঠ আশীৰ্বাদ আৰু সহযোগিতাই শদিয়া আগন্তুক দিনত প্ৰগতিৰ নতুন শিখৰত উপনীত কৰাব বুলি আমি দৃঢ় বিশ্বাসী।”, শদিয়া বিধানসভা সমষ্টিৰ ডাঙৰীত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত সর্বানন্দ সোণোৱালে এইদৰে উল্লেখ কৰে |কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, “আমি যেতিয়া ভোটদান কৰিবলৈ যাওঁ, তেতিয়া অলপ চিন্তা কৰা উচিত– কেৱল প্ৰতিশ্ৰুতি নে বাস্তৱ কাম? আজিৰ অসমত যি উন্নয়নৰ দৃশ্যপট
আমি দেখা পাওঁ, সেয়া কোনো কাকতত লিখা কথা নহয়, সেয়া আমাৰ নিজৰ চকুত দেখা বাস্তৱতা| আগতে যিবোৰ ৰাস্তা ওখৰা-মোখোৰা আছিল, আজি সেইবোৰ পকী ৰাস্তাৰে গাঁও আৰু চহৰ সংযোগ হৈছে| ছাত্ৰ-ছাত্ৰী স্কুললৈ যোৱাটো সহজসাধ্য হৈছে, খেতিয়কে কৃষিক্ষেত্ৰত অধিক মনোনিৱেশ কৰিছে, ব্যৱসায়ীসকলে নিজৰ সামগ্ৰী বজাৰলৈ নিয়াটো সহজসাধ্য হৈছে| এইবোৰেই মানুহে বিচৰা মৌলিক সুবিধা| এই উন্নয়নৰ যাত্ৰা যোৱা দহ বছৰত সম্ভৱ হৈছে| প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ ৰাজ্যত ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে উন্নয়ন আৰু সমৃদ্ধিৰ পথত ক্ষিপ্ৰতাৰে আগবাঢ়ি গৈছে| দুখীয়া মানুহৰ জীৱনত যি আমূল পৰিৱৰ্তন আহিছে– পকী ঘৰ, বিদ্যুৎ, গেছ, বিশুদ্ধ পানী– এইবোৰ কেৱল আঁচনি নহয়, এইবোৰ মানুহৰ জীৱনৰ বাস্তৱ সঁচা কাহিনী| আমাৰ মাটি, আমাৰ পৰিচয়, আমাৰ কৃষ্টি-সংস্কৃতি– এইবোৰ সুৰক্ষিত কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। আজি অসমীয়া গামোচাই বিশ্বমঞ্চত মর্যাদা পাইছে, আমাৰ মহান শিল্পী ড° ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্রদান
কৰা হৈছে, আমাৰ ঐতিহ্য চৰাইদেউ মৈদামে বিশ্বৰ আগত স্বীকৃতি পাইছে– এইবোৰ আমাৰ গৌৰৱ, আমাৰ পৰিচয়| বিকাশ আৰু ঐতিহ্যক সমৃদ্ধ কৰাৰ এই অনিৰুদ্ধ যাত্ৰাত ৰাইজৰ আশীৰ্বাদেই আমাৰ শক্তি, যিয়ে আনিব প্রগতি |”কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে
উল্লেখ কৰে, “কংগ্ৰেছ দলে দীৰ্ঘদিন ধৰি অসমৰ জনতাক ভ্রান্ত প্রতিশ্রুতি দি আহিছে, কিন্তু বাস্তৱত উন্নয়ন আৰু সু-শাসনৰ ক্ষেত্ৰত ব্যৰ্থতাৰ ইতিহাসহে এৰি গৈছে। তেখেতসকলৰ শাসনকালত দুৰ্নীতি, অব্যৱস্থাপনা আৰু পক্ষপাতিত্বই চৰকাৰী ব্যৱস্থাক দুৰ্বল কৰি পেলালে, যাৰ ফলত সাধাৰণ জনতাই ন্যায্য সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল| যুৱসমাজে সুযোগ নাপালে, কৃষকসকলে যথাযথ সহায় নাপালে আৰু দৰিদ্ৰ লোকসকলে জীৱনত কোনো মৌলিক পৰিৱৰ্তন দেখা নাপালে| ইয়াৰ উপৰিও, অসমত অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশ আৰু জনসংখ্যাগত সংকটৰ দৰে গুৰুত্বপূৰ্ণ বিষয়তো কংগ্ৰেছৰ স্পষ্ট দৃষ্টিভংগী নাছিল| সেয়ে আজিৰ সময়ত
ৰাইজে বুজি পাইছে যে কেৱল প্ৰতিশ্ৰুতি নহয়, বাস্তৱ উন্নয়ন আৰু দৃঢ় নেতৃত্বইহে অসমৰ ভৱিষ্যৎ সুদৃঢ় কৰিব |সৰ্বানন্দ সোণোৱালে আজি কয়, “আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষই উন্নয়নৰ পথত আগবাঢ়িছে| সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস এই নীতিৰে খেতিয়ক,
মহিলা, যুৱপ্ৰজন্ম আৰু দৰিদ্ৰ এই চাৰিটা মূল স্তম্ভক শক্তিশালী কৰা
হৈছে| দৰিদ্ৰৰ বাবে ঘৰ, গেছ, পানী, চিকিৎসা এইবোৰ নিশ্চিত কৰা হৈছে| অসমতো বিগত বছৰবোৰত বহু উন্নয়নমূলক কাম সম্পন্ন কৰা হৈছে| ভূমিপট্টাৰ বিতৰণৰ পৰা আৰম্ভ কৰি বানপানীৰ পৰা সুৰক্ষা, চাহ শ্ৰমিকৰ অধিকাৰ, এই সকলো ক্ষেত্ৰতে ইতিবাচক পৰিৱৰ্তন আহিছে।”