আগন্তুক বিধানসভা নিৰ্বাচন ২০২৬ উপলক্ষে ডিব্ৰুগড় নিৰ্বাচনী জিলাত ‘ঘৰে ঘৰে গৈ ভোট গ্ৰহণ’ (Home Voting for Absentee Voters) প্ৰক্ৰিয়া আৰম্ভ হৈছে। উল্লেখ্য যে এই পদক্ষেপৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ নাগৰিক (৮৫ বছৰৰ ঊৰ্ধ্বৰ) আৰু বিশেষভাৱে সক্ষম (PwD) ব্যক্তিসকলক নিজ গৃহৰ পৰাই ভোটদান কৰাৰ সুবিধা প্ৰদান কৰা হৈছে। গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক প্ৰতিগৰাকী ভোটাৰৰ দুৱাৰমুখলৈ লৈ যোৱাৰ লগতে মুক্ত, স্বচ্ছ আৰু নিৰপেক্ষ নিৰ্বাচনৰ নীতি ৰক্ষা কৰি নিৰ্দিষ্ট ভোটগ্ৰহণকাৰী দলসমূহে সুৰক্ষিতভাৱে এই হোম ভোটিং প্ৰক্ৰিয়া পৰিচালনা নিশ্চিত কৰিবলৈ সাধাৰণ পৰ্যবেক্ষক টি এন ভেংকটেশ, (IAS) জিলাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে।
ইয়াৰ সমান্তৰালকৈ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ডিব্ৰুগড় পলিটেকনিকত (Dibrugarh Polytechnic) ই.ভি.এম. (EVM) কমিচনিং প্ৰক্ৰিয়া স্থলীত ৩১ মাৰ্চত সাধাৰণ পৰ্যবেক্ষক টি এন ভেংকটেশ উপস্থিত হয়। তেওঁ ই.ভি.এম. কমিচনিং প্ৰক্ৰিয়া পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ কামৰ অগ্ৰগতিৰ সম্পৰ্কে বুজ লয়।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.