অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন-২০২৬ ৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’বলৈ আজি ভাৰতীয় নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ উপ নিৰ্বাচন আয়ুক্ত ড° পৱন কুমাৰ শৰ্মা মহোদয়ে ডিব্ৰুগড় ভ্ৰমণ কৰে। ভ্ৰমণকালত ড° শৰ্মাৰ সৈতে সাধাৰণ পৰ্যবেক্ষক জ্যেষ্ঠ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া টি. এন. ভেঙ্কটেশ, জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিক্ৰম কৈৰী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গুৰভ দিলীপ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াৰ এটা দল উপস্থিত থাকে।
জ্যেষ্ঠ উপ নিৰ্বাচন আয়ুক্তগৰাকীয়ে দলটোৰ সৈতে ৮৭ নং চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰে আৰু আন্তঃগাঁথনি তথা নিৰ্বাচনী ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰাৰ লগতে সকলো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ আৰু নিৰ্বাচনী নীতি-নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে।
প্ৰতিনিধি দলটোৱে ১৩৭/১৩৮/১৩৯ নং চাবুৱা চাহ বাগিচা প্ৰাথমিক বিদ্যালয় (পূব, উত্তৰ, ২ নং পশ্চিম আৰু ১৪০ নং চাবুৱা চাহ বাগিচাৰ ক্ৰেচ হাউচ ভোটকেন্দ্ৰ পৰিদৰ্শন কৰে। সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্মাণকাৰ্যসমূহ অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ আৰু ভোটদানৰ দিনটোৰ বহু আগতেই ভোটকেন্দ্ৰসমূহ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তোলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হয়। ইয়াৰ উপৰিও ভোটকেন্দ্ৰৰ নথিপত্ৰৰ সঠিক সংৰক্ষণ আৰু সা-সুবিধাসমূহ সাজু কৰি ৰখাৰ সন্দৰ্ভতো নিৰ্দেশনা জাৰি কৰা হয়।
ড° শৰ্মাই নিৰ্বাচন প্ৰক্ৰিয়াটো সুচাৰুৰূপে, মুক্ত, নিকা আৰু স্বচ্ছতাৰে পৰিচালনা কৰাৰ স্বাৰ্থত সকলো ভোটকেন্দ্ৰত প্ৰয়োজনীয় ন্যূনতম সা-সুবিধা নিশ্চিত কৰাৰ লগতে সকলো ব্যৱস্থা আগতীয়াকৈ সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.