...

“কংগ্ৰেছৰ শাসনৰ সময়ত যি অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছিল আৰু সন্ত্ৰাসবাদক উৎসাহ দিয়া হৈছিল, সেই অৱস্থাৰ অন্ত পেলোৱাৰ কাম বিজেপি চৰকাৰে কৰিছে”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Spread the love

“কংগ্ৰেছৰ শাসনৰ সময়ত যি অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছিল আৰু সন্ত্ৰাসবাদক উৎসাহ দিয়া হৈছিল, সেই অৱস্থাৰ অন্ত পেলোৱাৰ কাম বিজেপি চৰকাৰে কৰিছে”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

 “অসমীয়া জাতিৰ মাটি, ভেটি, কৃষ্টি, সংস্কৃতি আৰু অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে বিগত এটা দশকত বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে”: সোণোৱাল
“বিজেপি মিত্ৰজোঁটৰ চৰকাৰ থাকিলেহে অসমত শান্তি আৰু দ্ৰুত উন্নয়ন অব্যাহত থাকিব, আৰু নতুন প্ৰজন্মই একবিংশ শতিকাত নিজৰ ভৱিষ্যৎ দৃঢ়ভাৱে গঢ়িবলৈ সুযোগ লাভ কৰিব’: সোণোৱাল

গুৱাহাটী:

আগন্তুক অসম বিধানসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ জ্যেষ্ঠ বিজেপি নেতা সর্বানন্দ সোণোৱালে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰে|
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি কয়, “আজি ভাৰতবৰ্ষ
আত্মবিশ্বাসেৰে উন্নয়নৰ যাত্ৰাত দৃঢ়ভাৱে অগ্ৰসৰ হৈছে| মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত দেশৰ এশ চল্লিশ কোটি জনগণৰ কল্যাণৰ বাবে বিভিন্ন উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে| তেখেতে লোৱা সঠিক নীতি, পৰিকল্পনা আৰু দৃঢ় সিদ্ধান্তসমূহৰ ফলত ভাৰতবৰ্ষই আজি সকলো ক্ষেত্ৰতে দ্ৰুতগতিত আগবাঢ়িছে আৰু যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত| এই উন্নয়নৰ যাত্ৰাত প্ৰতিজন ভাৰতীয়ৰ আত্মবিশ্বাস বৃদ্ধি পাইছে আৰু তাৰ ফলতেই ভাৰতবৰ্ষ বিশ্বৰ আগশাৰীৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ় লৈ উঠিছে| আগন্তুক বিধানসভা নির্বাচন অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ| বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ প্ৰতিটো অঞ্চলত বসবাস কৰা অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে এই নির্বাচন বিশেষকৈ তাৎপর্যপূর্ণ। দীর্ঘকাল কংগ্ৰেছৰ শাসনৰ সময়ত ভোট বেংকৰ স্বাৰ্থত বিদেশী অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশ কৰোৱা হৈছিল আৰু অবৈধভাৱে ভূমি দখল কৰিবলৈ দিয়া হৈছিল| কিন্তু বিজেপি নেতৃত্বাধীন
এনডিএ চৰকাৰৰ শাসনত, মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত অসমত প্ৰায় ডেৰ লাখ বিঘাৰো অধিক ভূমি বেদখলমুক্ত কৰা হৈছে, যি জাতীয় জীৱনৰ বাবে এক ডাঙৰ পদক্ষেপ|”
সোণোৱালে লগতে কয়, “ইয়াৰ উপৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বটদ্ৰৱা থানৰ দৰে গুৰুত্বপূৰ্ণ স্থানসমূহো অবৈধ দখলৰ পৰা মুক্ত কৰা হৈছে। বিশেষকৈ ঐতিহ্যমণ্ডিত বটদ্ৰৱা থান, যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান, সেই পৱিত্ৰ ভূমিক এতিয়া সুৰক্ষিত কৰা হৈছে অসমীয়া জাতিৰ মাটি, ভেটি, কৃষ্টি, সংস্কৃতি আৰু অস্তিত্ব ৰক্ষা কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে বিগত এটা দশকত বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে| এই কাৰণেই অসমৰ জনগণ আজি সন্তুষ্ট| কংগ্ৰেছৰ শাসনৰ সময়ত যি অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছিল আৰু সন্ত্ৰাসবাদক উৎসাহ দিয়া হৈছিল, সেই অৱস্থাৰ অন্ত পেলোৱাৰ কাম বিজেপি চৰকাৰে কৰিছে। মাননীয় কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ দৃঢ় পদক্ষেপৰ ফলত অসমত শান্তি স্থাপন হৈছে| শান্তি স্থাপন হোৱাৰ ফলতেই উন্নয়ন সম্ভৱ হৈছে আৰু জনসাধাৰণে সন্মানসহ জীৱন যাপন কৰাৰ সুযোগ লাভ কৰিছে | যি কাম কংগ্রেছে পঞ্চাশ বছৰতো কৰিব নোৱাৰিলে, সেয়া মাননীয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত মাত্ৰ দহ বছৰৰ ভিতৰত সম্ভৱ হৈছে| এই পৰিৱৰ্তনৰ বাবে অসমৰ জনগণ অত্যন্ত সন্তুষ্ট। তথাপি,
এতিয়াও বহু ঠাইত অনুপ্ৰৱেশকাৰীৰ উপস্থিতি আছে| আগন্তুক দিনবোৰত এইসকলক উচ্ছেদ কৰি, তেওঁলোকে দখল কৰি ৰখা ভূমিও মুক্ত কৰা হ’ব| বিজেপি চৰকাৰৰ লক্ষ্য হৈছে অসমৰ খিলঞ্জীয়া জনগণৰ স্বাভিমান আৰু অস্তিত্ব সদায় সুৰক্ষিত কৰি ৰখা| সেই কাৰণেই বিশ্বাস কৰা হৈছে যে এই নিৰ্বাচনত অসমৰ জনগণে পুনৰ বিজেপি মিত্ৰজোঁটকেই ক্ষমতাত অধিষ্ঠিত কৰিব| কিয়নো বিজেপি মিত্ৰজোঁটৰ চৰকাৰ থাকিলেহে অসমত শান্তি আৰু দ্ৰুত উন্নয়ন অব্যাহত থাকিব, আৰু নতুন প্ৰজন্মই একবিংশ শতিকাত নিজৰ ভৱিষ্যৎ দৃঢ়ভাৱে গঢ়িবলৈ সুযোগ লাভ কৰিব |
সোণোৱালে লগতে কয়, “আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল– অসমীয়া জাতিৰ অস্তিত্ব সুৰক্ষিত হৈ থাকিব] কংগ্ৰেছ আহিলে পুনৰ বিদেশী অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন বৃদ্ধি পাব, যি অসমৰ জনগণে কেতিয়াও স্বীকাৰ নকৰে| গতিকে, অসমত ইতিমধ্যে এক স্পষ্ট পৰিৱেশ দেখা গৈছে– পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰেই গঠন হ’ব|”

Leave a Reply

Your email address will not be published. Required fields are marked *