চাৰি মহাদেশক সামৰি নাৰী দিৱসত পাঁচ মহিলাক বঁটা প্ৰদান
সিদ্ধান্ত গ্ৰহণত নাৰীৰ অংশগ্রহণে নাৰীৰ মৰ্যদা বৃদ্ধি কৰিব ঃ ড° বুজৰবৰুৱা
কানৈ মহাবিদ্যালয়ক ৰাষ্ট্ৰসংঘৰ, ইউনেস্ক’ৰ উচ্চ পদস্থ বিষয়াৰ ভূয়সী প্রশংসা
চাইন অন ডেস্ক:
যেতিয়া সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত নাৰীয়ে মুক্তভাৱে অংশ গ্ৰহণ কৰিব পাৰিব, তেতিয়াই নাৰীৰ মৰ্যদা বৃদ্ধি পাব। নাৰী পুৰুষ নিৰ্বিশেষ এখন সমাজ, মানুহৰ সমাজ, য’ত পুৰুষ আৰু নাৰী পৰস্পৰ নিৰ্ভৰশীল হৈ পৰিব, সেই দিনটোতহে নাৰী দিৱস এনেকৈ পতাৰ প্ৰাসংগিকতা নোহোৱা হ’ব। ঐতিহাসিক ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত), ইউনেস্ক’এছ’চিয়েশ্যন, গুৱাহাটী, মহিয়সী সেউজী সাহিত্য মঞ্চ ডিব্ৰুগড় জিলা আৰু কানৈ মহাবিদ্যালয়ৰ ৰুক্মিণী দেৱী কানৈ ছাত্ৰী নিৱাসৰ উদ্যোগত ইউৰোপ, আমেৰিকা, এছিয়া, আফ্রিকা মহাদেশৰ ইউনেস্ক’তথা ইউনেস্ক’ এচ’ছিয়েশ্যনৰ কাৰ্যালয় সামৰি ‘হাইব্ৰীড’ মাধ্যমত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° পল্লৱী ডেকা বুজৰবৰুৱা আজি এইদৰে কয় । কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানটিত ড° বুজৰবৰুৱাই কয়— নাৰীয়ে নিজকে নিজৰ মাজত আৱিস্কাৰ কৰিব লাগিব, মই সত্তাটোক আৱিস্কাৰ কৰিব লাগিব, নিজক সন্মান কৰিব লাগিব তেতিয়াহে নাৰীয়ে নিজকে সমাজত থকা পুৰুষ-
নাৰীৰ মাজত থকা প্ৰভেদ দূৰ কৰিব পাৰিব। তেওঁ কয়— নাৰীয়ে যেতিয়া নিজে নিবিচৰা বিষয়টোক নহয় বুলি ক’বলৈ সৎ সাহস কৰিব পাৰিব, নিজৰ ওপৰত বিশ্বাস কৰিব পাৰিব, তেতিয়াহে সমাজত নাৰীৰ মৰ্যদা বৃদ্ধি পাব। ছাত্রী নিভা লাহন আৰু চয়ণিকা বুঢ়াগোঁহায়ে আঁত ধৰা অনুষ্ঠানটিত উদ্দেশ্য ব্যাখ্যা কৰে ইউনেস্ক’ এছ’চিয়েশ্যন, গুৱাহাটীৰ সঞ্চালক প্ৰধান ড° অশ্বিনী শৰ্মাই। অনলাইন মাধ্যমেৰে ড° শৰ্মাই কয়— -নাৰী আৰু পুৰুষৰ মাজত সমান স্বাধীনতাইহে সমাজত নাৰীক প্ৰকৃত মর্যদা প্ৰদান কৰিব পাৰিব। সমাজত থকা নাৰী আৰু পুৰুষৰ মাজৰ বিভেদ দূৰ হ’লেহে নাৰীৰ মৰ্যদা বৃদ্ধি পাব। তেওঁ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াৰ নেতৃত্বত সমগ্ৰ বিশ্বক সামৰি এনে এটি সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে অধ্যক্ষগৰাকীক ভূয়সী প্রশংসা কৰে। অনলাইন যোগে অনুষ্ঠানটি উদ্বোধন কৰি কটন বিশ্ববিদ্যালয়ৰ
মনোবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড° ডিম্পী মহন্তই কয়— নাৰীৰ শিক্ষা আৰু স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিলেহে এখন সমাজ উন্নতিৰ শিখৰত আগুৱাব পাৰিব। স্বাস্থ্যৱান মহিলাই সমাজ উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰি কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ পেনেলিষ্ট তথা সমন্বয়ক ড° শশীকান্ত শইকীয়াই কয়— আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ এক ইতিহাস আছে আৰু এই দিৱসত প্ৰতিগৰাকী নাৰীৰ শক্তি, সংগ্রাম, ত্যাগ আৰু উত্তৰণৰ বিষয়ে আলোচনা কৰা হয়। প্রাচীন কালৰ পৰা সাম্প্ৰতিক সময়লৈকে নাৰীৰ যি যাত্ৰা, সেই যাত্ৰা কেৱল সময়ৰ পৰিৱৰ্তন নহয়, ই হ’ল মানসিকতা আৰু স্থিতিৰ এক বৈপ্লৱিক উত্তৰণ বুলি কয়। নাৰীৰ
ত্যাগ আৰু প্ৰজ্ঞাক সাৰথি কৰি সকলোৱে সমানভাৱে আগুৱাই যাব লাগিব বুলি তেওঁ কয়। গাম্ভীর্যপূর্ণ অনুষ্ঠিানটিত ডিব্ৰুগড় জিলা পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, কানৈ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ পার্থ গাংগুলীয়ে মননশীল বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে পাঁচগৰাকী মহিলা ক্রমে— কানৈ মহাবিদ্যালয়ৰ অধ্যাপিকা ড° নির্মালী পেগুক ‘উদ্যমী মহিলা বঁটা’, বিশিষ্ট সমাজকর্মী, উদ্যোগী ইলা লাচনক ‘উদ্যোগী মহিলা বঁটা’ আৰু বিশিষ্ট লেখিকা পদ্মলতা য়েইনক ‘লুইত পাৰৰ সাহিত্য কণ্ঠ বঁটাৰে সন্মানীত কৰা হয়। কানৈ মহাবিদ্যালয়ৰ দুগৰাকী ছাত্রী ক্ৰমে ভাৰ্চী গগৈক ‘অগ্নি শিখা যুৱ বঁটা’, নিভা লাহনক ‘সৃজনী-শ্ৰী যুৱ বঁটা প্ৰদান কৰা হ’য়।
অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ ভালেসংখ্যক অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে ডিব্ৰুগড় চহৰৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে ৰাষ্ট্ৰসংঘ, ইউনেস্ক’ৰ বহুকেইগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াই অনলাইন মাধ্যমত অংশ গ্রহণ কৰে আৰু এনে কাৰ্যসূচীৰ উদ্যোক্তাসকলক ভূয়সী প্রশংসা কৰে। জাতীয় সংগীতেৰে সামৰণি মৰা অনুষ্ঠানটিৰ শেষত শলাগ জ্ঞাপন কৰে মহিয়সী সেউজী সাহিত্য মঞ্চ ডিব্ৰুগড় জিলাৰ সম্পাদিকা মামণি শৰ্মাই।