২৬ মাৰ্চৰ পৰা আৰম্ভ ধুবুৰীৰ ঐতিহাসিক অশোকাষ্টমী মেলা
৪ দিনীয়া বাসন্তী পূজাৰ শুভাৰম্ভৰে উদ্বোধ
চাইন অন ডেস্ক:
অহা ২৫ মাৰ্চৰ পৰা ধুবুৰীত আৰম্ভ হ’ব প্ৰখ্যাত অশোকাষ্টমী মেলা।অশোকাষ্টমী স্নানৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা ১৫ দিনীয়া এই মেলাখন আৰম্ভ হোৱাৰ প্ৰাক্ মূহুৰ্তত ধুবুৰী চহৰৰ কাষেৰে বৈ যোৱা গদাধৰ নৈৰ পাৰৰ অশোকাষ্টমী মেলা ময়দানত এতিয়াৰে পৰা আৰম্ভ হৈছে প্ৰস্তুতি। উল্লেখ্য যে, প্ৰতিবাৰৰ দৰেই এইবেলিও পূৰ্বৰ পৰম্পৰাৰ দৰেই ষষ্ঠী অৰ্থাৎ ২৫ এপ্ৰিলৰ বিয়লি ৪ দিনীয়া বাসন্তী পূজাৰ শুভাৰম্ভৰ লগে লগে মেলাখনৰ আনুষ্ঠানিক উদ্বোধন ঘটিব। অৱশ্যে, পিছদিনা অৰ্থাৎ অহা ২৬ মাৰ্চৰ অশোকাষ্টমী স্নানৰ সেই বিশেষ দিনটোৰ পৰাহে আৰম্ভ হ’ব মেলাখনৰ। উল্লেখ্য যে, প্ৰতি বছৰে অশোকাষ্টমীৰ স্নানৰ এই বিশেষ দিনটোত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বিভিন্ন পাৰঘাটত সৃষ্টি হয় বিৰ দি বাট নোপোৱা সদৃশ অৱস্থা। ধুবুৰীসহ জিলাখনৰ বিভিন্ন প্ৰান্তৰ উপৰিও চুবুৰীয়া পশ্চিমবংগৰ বিভিন্ন স্থানৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে পুৱতি নিশাৰ পৰা ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বিভিন্ন পাৰঘাটত উপস্থিত হৈ পূজা–অৰ্চনা কৰাৰ
সমান্তৰালকৈ পাপ খণ্ডনৰ বাবে বৰ লুইতত গা ধোৱে। ইপিনে মেলাখনত বিভিন্ন দোকান-পোহাৰ দিবলৈ; কেৱল অসম অথবা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰাই নহয়, চুবুৰীয়া পশ্চিমবংগকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ধুবুৰীলৈ আগমন ঘটে ব্যৱসায়ীৰ। প্ৰতি বছৰে মেলাখনত সৰু-বৰ বিভিন্ন খাদ্যৰ বিপণী,বিভিন্ন বয়বস্তুৰ দোকানৰ উপৰিও জাদুখেল, চাৰ্কাছ, নাগৰদোলাকে ধৰি বিভিন্ন ধৰণৰ চকৰী আদিৰ দৰে মনোৰঞ্জনৰ ব্যৱস্থাও থাকে। উল্লেখ্য যে, ধুবুৰীৰ এই অশোকাষ্টমী মেলাখনৰ আছে এক দীঘলীয়া, সমৃদ্ধিশালী ইতিহাস। দৰাচলতে, ধুবুৰী পৌৰসভাৰ তদানীন্তন অধ্যক্ষ তথা প্ৰখ্যাত অধিৱক্তা প্ৰয়াত কমল দে বক্সীৰ উদ্যোগত ১৯৬১ চনত পোন প্ৰথমবাৰৰ বাবে পৰিকল্পিত ৰূপত এই অশোকাষ্টমী মেলাখনৰ আৰম্ভ ঘটিছিল৷ ধুবুৰী মেলা কমিটিৰ পৰিচালনাত অনুষ্ঠিত হোৱা প্ৰতি বছৰে অনুষ্ঠিত হোৱা ১৫ দিনীয়া এই মেলাখনত কেৱল ধুবুৰী জিলাৰেই নহয়, নামনি অসমকে ধৰি চুবুৰীয়া পশ্চিমবংগ আৰু মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ সমাগম ঘটে। দৰাচলতে, ধুবুৰীৰ ঐতিহ্যমণ্ডিত এই অষ্টমী মেলা আৰু অষ্টমী স্নানক সাঙুৰি ৰাজ্যৰ পৰ্যটনৰ ক্ষেত্ৰখনত এক নতুন দুৱাৰ মুকলি কৰাৰো আছে প্ৰচুৰ সম্ভাবনা। তাৰেই পৰিপ্ৰেক্ষিতত বিষয়টো লৈ ৰাজ্যৰ পৰ্যটন বিভাগে চিন্তা-চৰ্চা কৰাটো বাঞ্ছনীয় বুলিও কিন্তু বিগত কেইবাবছৰৰ পৰাই স্থানীয় মহলবোৰে উচ্চাৰিত কৰি আহিছে।