...

ডিব্ৰুগড় লেখিকা সমাৰোহৰ বক্তৃতানুষ্ঠান সম্পন্ন

Spread the love

ডিব্ৰুগড় লেখিকা সমাৰোহৰ বক্তৃতানুষ্ঠান সম্পন্ন

 

ড০ ভাৰতী দত্ত,ৰেণু ফুকন আৰু ড০ প্ৰাতসলতা বুঢ়াগোহাঁইক সম্বৰ্ধনা

 

চাইন অন ডেস্ক:

ডিব্ৰুগড়ত লেখিকা সমাৰোহৰ বক্তৃতানুষ্ঠান মাৰ্চৰ পহিলা তাৰিখে চৌকিডিঙ্গীৰ কাৰ্যালয় ভৱনত অনুষ্ঠিত হৈ যায়। আৰম্ভনিতে সমিতিৰ সদস্যা আৰু আমন্ত্ৰিত শিল্পীৰ সহযোগত পৰিবেশিত জ্যোতি সংগীতত ভাগ লয় ইৰাণী, বিজয়লক্ষ্মী , কানন ,দিপ্তী,, মৌচুমী ,মীনা, মঞ্জুলা,মীনাক্ষীয়ে। সুদক্ষিণা দাসৰ সভানেত্ৰীত্বত অনুষ্ঠিত এই সভাত মৌন প্ৰাৰ্থনাৰে প্ৰয়াত সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু কবি তথা নাট্যকাৰ ৰফিকুল হোছেইনৰ স্মৃতিত শ্ৰদ্ধা জনোৱাৰ পাছত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা মানসী বৰুৱাই। নিৰ্দ্দিষ্ট বক্তাৰ পৰিচয় দাঙি ধৰে দিপ্তী বৰঠাকুৰে। “খাদ্য প্ৰস্তুতকৰণ আৰু গ্ৰহণত দিবলগীয়া ধ্যান ” -শীৰ্ষক এটি বক্তৃতা অতি মনোগ্ৰাহী ৰূপত উপস্থাপন কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰী খাদ্য বিশেষজ্ঞা লুকীমা বৰুৱাই দৈনন্দিন জীৱনত আমি গ্ৰহণ কৰা খাদ্য সামগ্ৰী পৰিষ্কাৰ কৰি অধিক স্বাস্থ্যসন্মত ৰূপত যে প্ৰস্তুত কৰিব পাৰি, সেই বিষয়ে আলোচনা কৰাৰ লগতে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতাৰ কথা উল্লেখ কৰে লগতে জ্যেষ্ঠ নাগৰিকৰ খাদ্যৰ বিষয়ে আলোকপাত কৰে। উপস্থিত শ্ৰোতামণ্ডলীয়ে বিষয় সন্দৰ্ভত বিবিধ প্ৰশ্ন উত্থাপন কৰি আলোচনা যোগে বক্তৃতানুষ্ঠানটি অধিক ফলপ্ৰসূ কৰি তোলে। সভাত তিনি গৰাকী বিশিষ্ট সদস্যাক সম্বৰ্ধনা জনোৱা হয়। অলপতে অনুষ্ঠিত হোৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ত্ৰিংশতিতম দ্বি-বাৰ্ষিক তথা সোণালী জয়ন্তী অধিবেশনত ‘ বিজু ডেকা সোঁৱৰণীভ্ৰমণ সাহিত্য বঁটা ‘ লাভ কৰা ড০. ভাৰতী দত্ত , ‘ফুলেশ্বৰী চেতিয়া কাব্য বঁটা ‘ লাভ কৰা ৰেণু ফুকন আৰু ‘ সদস্যা ৰত্ন ‘ উপাধি ‘ লাভ কৰা ড০ প্ৰাতসলতা বুঢ়াগোঁহাইক তেখেতসকলৰ সামগ্ৰিক অৱদানৰ বাবে সসন্মানে প্ৰশস্তিপত্ৰ পাঠ কৰি গামোচা ,অঙ্গ বস্ত্ৰ আৰু ফুলৰ পুলিৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত ব্যক্তি তিনি গৰাকীয়ে চমু বক্তব্যত মনৰ আনন্দৰ অনুভৱ ব্যক্ত কৰে। শলাগৰ শৰাই আগবঢ়ায় ইৰাণী বৰপূজাৰীয়ে। সভাত নিমন্ত্ৰিত অৱসৰী অধ্যাপক ড০ কমলেশ্বৰ দত্তই চমু বক্তব্যৰ লগতে এখন আটকধুনীয়া মেজ সমিতিলৈ উপহাৰ স্বৰূপে আগবঢ়াই সমিতিৰ বহু দিনীয়া চাহিদা পূৰণ কৰে । উপদেষ্টা জ্যোতি বৰগোঁহাই , ড০ শেৱালী বৰবৰা ,ড০ ফৰিদা আহমেদ, ড০ দীপাঞ্জনা দত্ত দাস ,মহিলা সাহিত্য কাননৰ সভানেত্ৰী কুমকুম দত্ত ,সাহিত্যিক আৰাধনা দত্ত, শতৰূপাৰ মঞ্জুলা আগমাচাৰ্য , কবি মীনাক্ষী শৰ্মা, সান্তনা বৰুৱা আৰু গীতাশ্ৰী বুজৰবৰুৱাকে আদি কৰি বিশিষ্ট বহুজনে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। মৌচুমী দাস বৰ্মণে সকলোকে আপ্যায়িত কৰে। জাতীয় সংগীতৰে সভাৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *