নগৰবেৰাত নৰখাদকৰ আতংক!
ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
চাইন অন ডেস্ক:
নগৰবেৰাৰ মালঞ্চাত গাঁৱত বিয়পিছে নাহৰফুটুকীৰ আতংক।মালঞ্চা গাঁৱত অৱস্থিত ঐতিহাসিক মালচা সত্ৰৰ পাছফালে পথাৰত একাংশ শ্ৰমিকে প্ৰত্যক্ষ কৰে দুটাকৈ বাঘৰ দৰে জন্তু।জন্তু দুটা নাহৰফুটুকী বা লতা মাকৰি বুলি সন্দেহ কৰিছে ৰাইজে।দুয়োটা জন্তুই পথাৰত মুক্ত ভাৱে বিচৰণ কৰি থকাৰ দৃশ্য বন্দী হয় এজন শ্ৰমিকৰ মোবাইলত আৰু নিমিষতে ভিডিঅ’ ভাইৰেল হৈ পৰে।চৰণীয়া ছাগলীক খেদি যোৱাও প্ৰত্যক্ষ কৰা বুলিও স্থানীয় একাংশই ব্যক্ত কৰে।খৱৰটো বনজুইৰ দৰে সৰ্বত্ৰ বিয়পি পৰে আৰু মালঞ্চা গাঁৱৰ উপৰি মেধিপাৰা ,কালুবাৰী আদি প্ৰতিবেশী গাঁৱসমূহতো সম্প্ৰতি এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে।শীঘ্ৰেই বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।