...

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্রমুখ নাগৰিক সন্মিলন

Spread the love

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্রমুখ নাগৰিক সন্মিলন

চাইন অন ডেস্ক:

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবর্ষ উপলক্ষে শুক্ৰবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰালত প্রমুখ নাগৰিক সন্মিলন অনুষ্ঠিত কৰা হয়। উক্ত সন্মিলনত জিলা বিদ্যাৰ্থী প্ৰমুখ ড° কুলদীপ গোস্বামী ডাঙৰীয়াই আগ ধৰি কাৰ্য্যসূচী চলাই তথা সন্মানীয় অধিকাৰী সকলৰ পৰিচয় দাঙি ধৰে ডিব্ৰুগড় জিলাৰ জিলা কাৰ্য্যবাহ শ্ৰী অলক গগৈ দেৱে। জিলা সংঘচালক ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱা দেৱে সভাৰ উদ্দেশ্য ব্যাখ্যা প্ৰদান কৰে লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় সম্পৰ্ক প্ৰমুখ আদৰণীয় শ্ৰী ৰাম লাল জীয়ে বৌদ্ধিক প্ৰদান কৰি আমাৰ প্ৰাচীন অপৰাজেয়, বৈভৱশালি পৰম্পৰা তথা আমাৰ পূৰ্বপুৰুষ যাৰ দ্বাৰা আমি জীয়াই থাকিবলৈ সাহস তথা অনুপ্ৰেৰণা পাওঁ তেনে পূৰ্বপুৰুষসকলক আমি স্মৰণ কৰি নিজৰ মাতৃভূমি নিজৰ জন্মভূমিৰ বাবে আমি কৰ্ম কৰি যাব লাগে। আমি জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলো হিন্দু বন্ধু আমি কেতিয়াও নিজকে হিন্দু বুলি পৰিচয় দিবলৈ কুণ্ঠাবোধ কৰিব নেলাগে । আজি সমগ্ৰ বিশ্বই ভাৰতৰ মুখলৈ চাই ৰৈ আছে যে আমি কিদৰে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়াঃ ৰ মূল মন্ত্ৰেৰে অনুপ্ৰাণিত হৈ বিশ্বত শান্তি আৰু প্ৰগতিৰ আশীষ বিলাইছোঁ । আজিৰ সমাজত চলিত সমস্যা আদিৰ ৰোধক হিচাপে সংঘই পঞ্চ পৰিৱৰ্তনৰ বিষয় হিচাপে কুটুম্ব প্ৰবোধন, সমাজিক সমৰসতা, পৰ্য্যবৰণ সংৰক্ষণ, স্বদেশী তথা স্বাবলম্বী আৰু নাগৰিক কৰ্তব্যৰ বিষয়ে কয় । তেওঁৰ ভাষণত দেশ বিভাজনৰ বিভীষিকাৰ সময়ত স্থানচ্যুত লাখ লাখ পৰিয়ালক সীমিত সম্পদেৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ে বিভিন্ন ধৰণে সেৱা আগবঢ়াইছিল বুলি উল্লেখ কৰি কয় যে দেশক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই ১০০ বছৰীয়া যাত্ৰাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ে সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত আত্ম-সচেতনতা আৰু গৌৰৱ কঢ়িয়াই অনাত বিশেষ ভূমিকা গ্রহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। দেশৰ অতি দুর্গম অঞ্চলসমূহৰ লগতে ১০ কোটিৰো অধিক জনজাতীয় লোকক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ে বিভিন্ন ধৰণে সেৱা আগবঢ়াইছে। সংঘই সামাজিক সম্প্রীতি বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলে দেশৰ সেৱা আৰু সমাজ সৱলীকৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ে ৰাষ্ট নিৰ্মাণৰ প্ৰেৰণাক সদায় উদ্বুদ্ধ কৰি আহিছে আৰু দেশবাসীৰ মাজত সাংস্কৃতিক জাগৰণ সৃষ্টিত অৰিহণা যোগাই আহিছে বুলি তেওঁৰ ভাষণত উল্লেখ কৰি এখন সুস্থ, সবল আৰু বিকশিত ভাৰত গঢ়াত সকলোৰে সহায় সহযোগিতা কামনা কৰে। শেষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় সম্পৰ্ক প্ৰমুখ শ্ৰী ৰাম লালজীৰ সৈতে উপস্থিত ব্যক্তিসকলৰ সৈতে মত বিনিময় অনুষ্ঠান সম্পন্ন হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *