বিশিষ্ট শিক্ষাবিদ,শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰসন্ন কুমাৰ গোস্বামীৰ আদ্যশ্ৰাদ্ধত স্মৃতিচাৰণ সভা
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
বিশিষ্ট শিক্ষাবিদ,শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ,সংস্কৃত পণ্ডিত,লেখক তথা সত্ৰীয়া সংস্কৃতিৰ সাধক প্ৰসন্ন কুমাৰ গোস্বামীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে আজি বাসগৃহত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। নগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত আয়োজিত হোৱা সভাখনত আৰম্ভণিতে প্ৰয়াত প্ৰসন্ন কুমাৰ গোস্বামীৰ
প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নগাঁও জিলাৰ সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি তথা সত্ৰাধিকাৰ ভীষ্মদুৰ্লভ মহন্ত,অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি অশোক কুমাৰ মহন্ত আৰু কলংপৰীয়া বাৰগঞা সমাজৰ সভাপতি তথা সত্ৰাধিকাৰ নবীন চন্দ্ৰ গোস্বামীয়ে। সভাত নগাঁও জিলাৰ সত্ৰ মহাসভাৰ উপ সভাপতি দিগন্ত প্ৰকাশ মহন্তই সদ্য প্ৰয়াত পুৰোধা ব্যক্তি গৰাকীক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰি ভাষণত শিক্ষাবিদ তথা সত্ৰাধিকাৰ প্ৰসন্ন কুমাৰ গোস্বামীয়ে দীৰ্ঘদিন ধৰি অসম সত্ৰ মহাসভাকে ধৰি সামাজিক,সাংস্কৃতিক, শৈক্ষিক আৰু সাহিত্য জগতলৈ যথেষ্ট অৱদান আগবঢ়োৱাৰ বিষয়ে উল্লেখ কৰি তেওঁৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰে। কলংপৰীয়া বাৰগঞা সমাজৰ সম্পাদক দিলীপ বৰাই ভাষণ প্ৰদান কৰি কয় যে প্ৰসন্ন কুমাৰ গোস্বামীৰ বিৰল ব্যক্তিত্ব আৰু কৰ্মৰাজিৰ সম্পৰ্কে আলোকপাত কৰি মহান ব্যক্তিগৰাকীয়ে সুদীৰ্ঘ ৫৮ বছৰ কাল কলংপৰীয়া বাৰগঞা সমাজৰ লগত সক্ৰিয় ভাৱে জড়িত থাকি অঞ্চলটোৰ সকলো শ্ৰেণীৰ লোককে একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হোৱাৰ উপৰিও গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া ভাওনা প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি সমাজলৈ অনবদ্য বৰঙণি আগবঢ়াইছিল। এই সভাতে পৰিয়ালবৰ্গৰ তৰফৰ পৰা প্ৰস্তুত কৰি উলিওৱা “ন হন্যতে হন্যমানে শৰীৰে” শীৰ্ষক প্ৰাচীৰ স্মৰণিকা উন্মোচন কৰে বিশিষ্ট কবি,লেখক ডা: হেমন্ত কুমাৰ গোস্বামীয়ে। নগাঁও জিলাৰ সত্ৰ মহাসভাৰ সম্পাদক অমৃত মহন্তই আঁত ধৰা সভাত প্ৰাক্তন মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱা,কলংপৰীয়া বাৰগঞা সমাজৰ কাৰ্যকৰী সভাপতি ভূৱন শৰ্মা,বিশিষ্ট সমাজকৰ্মী সঞ্জীৱ গোস্বামী,অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সদস্য দীপক কুমাৰ মহন্ত,হৰমোহন মহন্ত,অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱানন্দ গোস্বামী,সমাজকৰ্মী ক্ষীৰ শৰ্মা,শুভদেৱ মহন্ত,নগেন বৰুৱাৰ লগতে প্ৰয়াত ব্যক্তিগৰাকীৰ বহু গুণমুগ্ধ আৰু স্থানীয় ৰাইজ উপস্থিত থকা সভাৰ শেষত প্ৰয়াত ব্যক্তিগৰাকীৰ আত্মাৰ সদগতিৰ উদ্দেশ্যে অসম সত্ৰ মহাসভাৰ পৰম্পৰা অনুসৰি এফাকি ঘোষা পৰিবেশন কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়। সভাত অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সমিতি আৰু কৰৈয়নী হেঙুলী চুকৰ শ্ৰী শ্ৰী ডোখোৰামুখ সত্ৰৰ তৰফৰ পৰা শোক প্ৰস্তাৱ পাঠ কৰা হয়। নিশালৈ প্ৰসন্ন কুমাৰ গোস্বামীৰ স্মৃতিত ৰুবুল মহন্ত আৰু ৰাজেন ফুকনৰ পৰিচালনাত অংকীয়া ভাওনা “ৰুক্মিণী হৰণ” মঞ্চস্থ কৰা হয় । উল্লেখ্য যে প্ৰসন্ন কুমাৰ গোস্বামীৰ যোৱা ৯ ফেব্ৰুৱাৰীত পৰলোকপ্ৰাপ্তি হৈছিল ।