নগাঁৱৰ বটদ্রৱা থানত অহা ২ মাৰ্চৰ পৰা ৬ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌলযাত্ৰা মহোৎসৱ
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱা থানত অহা ২ মাৰ্চৰ পৰা ৬ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌলযাত্ৰা মহোৎসৱ পালন কৰা হ’ব। দৌলযাত্ৰা মহোৎসৱক লৈ বটদ্রৱা থানত যুদ্ধকালীন প্রস্তুতি অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত মহোৎসৱ নিয়াৰিকৈ পালন কৰিবৰ বাবে কেইবাখনো উপ-সমিতি গঠন কৰা হৈছে । চৌহদত প্রায় ১০ লক্ষাধিক তীৰ্থ-যাত্রী তথা ভকত বৈষ্ণৱক আদৰণি জনোৱাৰ বাবে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত লোকনিৰ্মাণ,জনস্বাস্থ্য কাৰিকৰী বিভাগ,আৰক্ষী প্ৰশাসন, স্বাস্থ্য,বিদ্যুৎ বিভাগ,পৰিবহন বিভাগ
আদি সকলো বিভাগে নিজাববীয়া কাৰ্যপন্থা হাতত লৈ তৎপৰতাৰে অগ্ৰসৰ হৈছে। সকলো বিভাগৰ বিষয়া কৰ্মচাৰীসকলে খৰতকীয়া গতিত কাম কৰি আছে। ইফালে,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ মূল উৎসৱ “দৌল যাত্ৰা মহোৎসৱ”ৰ প্ৰস্তুতি সন্দৰ্ভত বুধবাৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাকে প্ৰমুখ্য কৰি জিলাৰ সকলো বিভাগৰ বিষয়া- কৰ্মচাৰী আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ এখনি যুটীয়া সভা অনুষ্ঠিত হয়।অহা ২ মাৰ্চৰ পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া দৌল
যাত্ৰা মহোৎসৱ উদযাপনৰ বিভিন্ন দিশ সাঙুৰি অনুষ্ঠিত বৈঠক খনিত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱগোস্বামী,শলগুৰি সত্ৰৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্ত, কাৰ্যকৰী সভাপতি গোবিন দাস, সাধাৰণ সম্পাদক লাচিত বৰদলৈ,অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা, সহকাৰী আয়ুক্ত অৰুণাভ চৌধুৰী,ধৰ্মৰাজ কলিতা, ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাস,ৰহা সমজিলা সম আৰক্ষী অধীক্ষক সোণমনি শইকীয়া,খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰাণজিৎ দত্ত,অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজী তালুকদাৰ, জিলা পৰিবহন বিষয়া সীমান্ত বৰা, ধিং বিদ্যুৎ উপ সংমণ্ডল বিষয়া মঞ্জুৰুল হক,লোকনিৰ্মাণ বিভাগ(পথ)ৰ সহকাৰী কাৰ্যবাহী বিষয়া নিউটন দেউৰী,যান-বাহন আৰক্ষীৰ উপ পৰিদৰ্শক জিতেন কুমাৰ দত্তক আদি কৰি জিলা খনৰ সকলো বিভাগৰ বিষয়া কৰ্মচাৰী, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্য সকলে অংশ গ্ৰহণ কৰে। আনহাতে, মহাপুৰুষ গুৰুজনাৰ স্মৃতি বিজড়িত অসমৰ প্ৰথম দৌল উৎসৱ বা ফাল্গু উৎসৱৰ স্থলী এই মহোৎসৱটি সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলো বিভাগৰ বিষয়া কৰ্মচাৰী,সদস্যই হাতত হাত ধৰি কামত অগ্ৰসৰ হৈ সফলতাৰে বাবে যতপৰোনাস্তি চেষ্টা চলাব বুলি মত প্ৰকাশ কৰে। সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে উদেশ্য ব্যখ্যা কৰা সভাখনৰ শেষত আয়ুক্ত দেৱাশীষ শৰ্মাই দৌল মহোৎসৱটি সুন্দৰ, নিয়াৰিকৈ উদযাপনৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰি নিষ্ঠা সহকাৰে অগ্ৰসৰ হবলৈ আহ্বান জনায়।